কাইলৈ বৰহোলালৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : সাক্ষাৎ কৰিব অপহৃত ৰিতুল শইকীয়াৰ পৰিয়ালক
নিয়মীয়া বাৰ্তা, ১৭ মে’ : অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী বৰহোলাৰ ৰিতুল শইকীয়াৰ পৰিয়ালক সাক্ষাৎ কৰাৰ উদ্দেশ্যে কাইলৈ বৰহোলালৈ আহিব ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। কাইলৈ দিনৰ পুৱা ৯ বজাত ৰাংচালী মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকী হেলিকপ্তাৰেৰে অৱতৰণ কৰাৰ পিছত বৰহোলা নাঙল গাঁৱৰ ৰিতুল শইকীয়াৰ ঘৰত উপস্থিত হ’ব।
ইতিমধ্যে যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ৰাংচালী মধ্য ইংৰাজী বিদ্যালয়ত হেলিপেড নিৰ্মাণ আৰু বিদ্যালয়খনৰ চৌহদ চাফ চিকুন কৰোৱাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী অহাক কেন্দ্ৰ কৰি বৰ্তমান হেলিকপ্তাৰ অৱতৰণ কৰিব লগা স্থানৰ পৰা ৰিতুল শইকীয়াৰ ঘৰলৈ প্ৰায় ৪ কিলোমিটাৰ পথচোৱাৰ সকলো দ গাতঁ, খলা-বমা পুতি যাতায়তৰ উপযোগী কৰি তুলিছে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকী কিছুদিনৰ পূৰ্বে মাজুলীলৈ আহোতে ৰিতুল শইকীয়াৰ পত্নীয়ে বৰহোলাৰ পৰা গৈ সাক্ষাৎ কৰি স্বামীৰ সন্ধান উলিৱাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল। ৰিতুল শইকীয়া ম্যানমাৰত নিৰাপদে আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল যদিও আজি ২৭ দিনে ৰিতুল সোঁশৰীৰে ঘৰলৈ ঘূৰি নহাত পৰিয়ালবৰ্গ অধিক উদ্বিগ্ন হৈ আছে।