নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতিকৰণঃ মুখ্যমন্ত্ৰীৰ বৈঠকত গৃহীত সিদ্ধান্তত সুখী নহয় কোচ ৰাজবংশী জাতীয় পৰিষদ

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : জনজাতিকৰণৰ দাবী সমাধানৰ বাবে ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ সতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকত গৃহীত সিদ্ধান্তক লৈ কোচ ৰাজবংশী জাতীয় পৰিষদ সুখী নহয় ৷ অসমৰ কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে হোঁহকা পিছলা স্থিতি গ্ৰহণ কৰি সুদীৰ্ঘ দিন ধৰি সমাধা নোহোৱা জনজাতিকৰণৰ দাবীটোক নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি সমাধান নকৰি চৰমভাবে প্ৰতাৰণা কৰি আহিছে বুলি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে। কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিবৃতিটোত কয় যে অসম চৰকাৰে ছয় জনগোষ্ঠীৰ মুষ্টিমেয় কেইটামান সংগঠনৰ লগত তথাকথিত আলোচনাৰ নামত বিভিন্ন চলাহি কথাৰে আভুৱা ভৰি জনগোষ্ঠী কেইটাক ন্যায্য অধিকাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে। কালি মুখ্য মন্ত্ৰীৰ সতে ছয় জনগোষ্ঠী ঐক্যমঞৰ সতে অনুষ্ঠিত আলোচনাৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুজ হাজৰিকাই সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যৰ পৰাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত যে অসম চৰকাৰে গুৰুত্বই দিয়া নাই আৰু সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত কোনো সদিচ্ছা নাই সেই কথা স্পষ্ট হৈছে বুলি বৰ্মন আৰু ৰায়ে বিবৃতিটোত কয় ৷ কোচ ৰাজবংশী সকলোৰ লগতে পাঁচ জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ বাবে সকলো বৈশিষ্ট্য পূৰ্ণ কৰা বুলি ইতিমধ্যে অসম তথা ভাৰত চৰকাৰৰ বিভিন্ন সংস্থাই অনুমোদন প্ৰদান কৰাৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক ৰাজ্য সভাত উত্থাপন কৰিছিল। তেনেস্থলত মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আলোচনা কালত জনজাতিকৰণৰ কাম চল্লিশ শতাংশহে আগবঢ়া বুলি কোৱাটো ষড়যন্ত্ৰমূলক আৰু অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীয়ে জনজাতিকৰণৰ কাম চল্লিশ শতাংশ কাম সম্পূৰ্ণ আগবাঢ়িছে বুলি কোৱাৰ পিছতো ইতিমধ্যেই ইয়াৰ পূৰ্বে ছয় জনগোষ্ঠীক নব্বৈ শতাংশ জনজাতিকৰণৰ কাম আগবঢ়া বুলি টেটুফালি ঢাক ঢোল বজাই নিজকে জনগোষ্ঠীয় ৰাইজৰ সন্মুখত আভুৱা ভাৰা নেতাসকল কোন সতে মানি লৈ আলোচনা আশাব্যঞ্জক বুলি সংবাদ মাধ্যমৰ আগত কোৱাটো জনগোষ্ঠী সমূহৰ বাবে চৰম লজ্জাজনক। কোচ ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয়ে গভীৰ উদ্বেগৰে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ১৯৬৮ চনৰ পৰা জনজাতিকৰণৰ নাৰ্য প্ৰাপ্যৰ দাবীৰ সমৰ্থনত সুদীৰ্ঘ ৫৪ বছৰ অতিক্ৰম কৰিলে। এই সুদীৰ্ঘ কাল আন্দোলন কৰাৰ পিছত ৰাজ্য চৰকাৰৰে হোৱা আলোচনাৰ পিছত মাত্ৰ ৪০ শতাংশহে জনজাতিকৰণৰ কাম আগবাঢ়িছে তেন্তে বাকী থকা ৬০ শতাংশ কাম আগবাঢ়িবলৈ আৰু ষাঠি বছৰৰ অধিক কাল লাগিব বুলি নেতাদ্বয়ে অসম চৰকাৰক কটাক্ষ কৰে । কোচ ৰাজবংশীক জনজাতিকৰণৰ কাম যদি ৪০ শতাংশই বাঢ়িছে তেনেস্থলত ১৯৯৬ চনত কোচ ৰাজবংশীক মহামহিম ভূতপূৰ্ব ৰাষ্ট্ৰপতিয়ে অধ্যাদেশৰ জৰিয়তে কিদৰে জনজাতিকৰণ কৰিছিল বুলি মুখ্য মন্ত্ৰীক প্ৰশ্ন কৰে। তদানীন্তন অসম চৰকাৰৰ মন্ত্ৰীগোটৰ অধ্যক্ষ তথা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ গ্ৰহণ কৰি অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলোক ভৈয়াম জনজাতি আৰু আন জিলা সমূহৰ কোচ ৰাজবংশী সকলোক অন্যান্য জনজাতি হিচাবে মান্যতা দিয়াৰ ক্ষেত্ৰত কোচ ৰাজবংশীৰ সকলো সংগঠনে সন্মতি প্ৰকাশ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ । এতিয়া মুখ্য মন্ত্ৰী বক্তব্যই ১৯৯৭ চনত গঠিত তদানীন্তন সাংসদ ড’ অমৰ ৰায় প্ৰধাণী নেতৃত্বাধীন যুটীয়া সংসদীয় বাচনি সমিতিয়ে কোচ ৰাজবংশীৰ সপক্ষে দিয়া জনজাতিকৰণৰ প্ৰতিবেদনখনকো নসাৎ কৰা বুলি নেতাদ্বয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ছয় জনগোষ্ঠীৰ লগত লগ লাগি থকা কোচ ৰাজবংশীৰ জাতীয় সংগঠন সমূহক ওলাই আহি নিজ জনগোষ্ঠীৰ জনজাতিকৰণৰ হকে মাত মাতিবলৈ আহ্বান জনায় । নেতাদ্বয়ে লগতে জনজাতিকৰণ বিষয়টো সমাধানৰ নামত মুষ্টিমেয় কেইটামান সংগঠনৰ লগত আলোচনা নকৰি ছয় জনগোষ্ঠীৰ সকলো সংগঠনৰে বৈঠৰ অনুষ্ঠিত কৰি জনজাতিকৰণৰ বাবে আৰ্হি প্ৰস্তুত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বন জনায় ।

You might also like