প্ৰসঙ্গঃ উত্তৰ- পূৱ কয়লা ক্ষেত্ৰৰ পুনৰ মুকলি; কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীৰে ৰামেশ্বৰ তেলীৰ আলোচনা
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা ক’ল ইণ্ডিয়া লিমিটেডৰ অন্তৰ্গত উত্তৰ- পূৱ কয়লা ক্ষেত্ৰৰ উৎপাদনী কাৰ্য আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আজি আহ্বান জনাইছে কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে কেন্দ্ৰীয় কয়লা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসগৃহত উপস্থিত হৈ বন্ধ হৈ থকা শতিকা পুৰণি কয়লা উদ্যোগটো পুনৰ সক্ৰিয়কৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। তেওঁ কয় যে উদ্যোগটোৰ কামকাজ স্তব্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ- পূৱ কয়লা ক্ষেত্ৰৰ একাংশ শ্ৰমিক- কৰ্মচাৰীক দেশৰ বিভিন্ন কয়লা ক্ষেত্ৰলৈ স্থানান্তৰ কৰা হৈছে। তেওঁ আৰু কয় যে ইতিমধ্যে তেওঁ ক’ল ইণ্ডিয়াৰ শ্ৰমিক, কৰ্মচাৰী, বিষয়া তথা বিভিন্ন দল- সংগঠনৰে কয়লা উদ্যোটো মুকলি কৰণ সন্দৰ্ভত আলোচনা কৰিছে। তেওঁ ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰক কেইবাবৰো পত্ৰ যোগে উদ্যোগটো মুকলি কৰি দি মাৰ্ঘেৰিটাৰ ঐতিহ্য অক্ষুন্ন ৰাখিবলৈ অনুৰোধ জনাইছে।
আজিৰ আলোচনাত কয়লা মন্ত্ৰী যোশীয়ে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।