বিটিচিত ১৫ আসন লাভৰ আশা ৰিপুণ বৰাৰ, দুলু আহমেদ-ৰূপজ্যোতি কুৰ্মীক লৈ নাই কোনো মন্তব্য
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ শেহতীয়াভাৱে দলসমূহে তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে | আজি বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই চিৰাং জিলাৰ ১৯নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ আলুখুন্দা আৰু বিজনী চহৰৰ বৰ’ কালিবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়।
জিলাখনৰ আলুখুন্দাত ১৯ নম্বৰ থুৰিবাৰী সমষ্টিৰ এ আই ইউ ডি এফ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু বিধায়ক হাফিজ ৰফিকুল ইছলামৰ লগতে কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিধায়ক আব্দুল হাইনাগৰি, জাকিৰ হুছেইন শিকদাৰ, এ কে ৰছিদ আলমে অংশ লয়।
আলুখুন্দাত দুই দলৰ নিৰ্বাচনী কাৰ্যসূচীৰ পৰিকল্পনা কৰা হয়। এই যৌথ সভাৰ পাছত বিজনী চহৰৰ বৰ’ কালীবাৰীৰ অনন্যা ভৱনত কৰ্মী সভা আৰু যোগদান সমাৰোহ অনুষ্ঠিত হয়। চিৰাং জিলাৰ ১৭ নম্বৰ সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অৰুণ নাৰ্জাৰীৰ হৈ বিজনী অনন্যা ভৱনত প্ৰচাৰ কৰাৰ লগতে কৰ্মী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। কৰ্মী সভাত ৰিপুণ বৰাই ৰাজ্যৰ চাৰি জিলাৰ পৰিষদীয় নিৰ্বাচন ৰাজ্য তথা দেশৰ বাবে এক উল্লেখনীয় নিৰ্বাচন বুলি উল্লেখ কৰে।
তেওঁ দলক শক্তিশালী কৰাৰ লগতে দুই দলৰ প্ৰাৰ্থীসকলক সমাগত বিটিচি নিৰ্বাচনত জয়ী কৰিবলৈ আহ্বান জনায়। এই কৰ্মীসভা আৰু যোগদান সমাৰোহত আজি বিজনী মহকুমা এলেকাৰ ২৬০ জন লোকে কংগ্ৰেছ দলত যোগদান কৰে। সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিইউএফৰ সমৰ্থিত ২০ জন প্ৰাৰ্থীৰ ভিতৰত কমেও ১৫ জন প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে। তেওঁ বিটিচি নিৰ্বাচনত কংগ্ৰেছে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মত ব্যক্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদে ৰিপুণ বৰা সম্পৰ্কে কৰা মন্তব্য সন্দৰ্ভত একো মন্তব্য নকৰি আইনী ব্যৱস্থাই সকলো কৰিব বুলি কয়।
এ আই ইউ ডি এফৰে মিত্ৰতাৰ বিৰোধিতা কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে একো নকয় ৰিপুণ বৰাই। নিৰ্বাচনী সভাত ৰিপুণ বৰাৰ লগতে এ আই ইউ এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, কংগ্ৰেছৰ বিধায়ক আব্দুল হাই নাগৰী, জাকিৰ হুছেইন শিকদাৰ, এ কে ৰছিদ আলম, বঙাইগাওঁ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ওৱাৰীসহ দলীয় পাঁচ শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে |