ৰূপহীহাটত কংগ্রেছ–বিজেপি কর্মীৰ মাৰপিট
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাটত ক্রমাৎ উত্তপ্ত হৈ আহিছে ৰাজনৈতিক বতাহ৷ কংগ্রেছ–বিজেপি উভয় দলে পৰস্পৰক সমালোচনা কৰাতে ক্ষান্ত নাথাকি শেহতীয়াকৈ মাৰপিটতো লিপ্ত হৈছে৷ কালি দুপৰীয়া ৰূপহীহাটৰ বৰঘাট গাঁও পঞ্চায়তত কংগ্রেছ দলৰ এখন সভা অনুষ্ঠিত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অভিযোগ মতে, সভা সামৰি আহি থকা অৱস্থাত একাংশ বিজেপি কর্মীয়ে কংগ্রেছী নেতা–কর্মীলৈ শিল দলিয়ায়৷ পিছত দুয়োপক্ষৰ মাজত মাৰপিট হয়৷ বিজেপি কর্মীয়ে অভিযোগ উত্থাপন কৰে যে কংগ্রেছ কর্মীয়ে তেওঁলোকক আক্রমণ কৰিছে৷
আনহাতে, একাংশ উদণ্ড বিজেপি কর্মীয়ে শিলগুটি দলিয়াই কংগ্রেছ কর্মীক আক্রমণ কৰাৰ পিছতে এই ঘটনাৰ সূত্রপাত হয় বুলি অভিযোগ উত্থাপন কৰিছে৷ এই ঘটনাক কেন্দ্র কৰি পঞ্চায়তখনৰ গেৰুৱাআটি, জামতলত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মাৰপিটত এজন বিজেপি কর্মী গুৰুতৰভাৱে আহত হয়৷