এইবাৰ উজনিত অধিক আসন পাব কংগ্রেছে
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ আসন্ন বিধানসভা নির্বাচনত সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে মিত্রতা কৰি কংগ্রেছে এইবাৰ উজনি অসমত অধিক ভাল ফলাফল প্রদর্শন কৰিব পাৰিব বুলি আশা প্রকাশ কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ ৭৬সংখ্যক জন্মবার্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্রহণ কৰি প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে সেই কথা প্রকাশ কৰে৷ গগৈয়ে কয় যে ২০০৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত তেওঁ যেতিয়া ‘হু ইজ বদৰুদ্দিন’ বুলি কৈছিল, সেইবাৰ উজনি অসমত কংগ্রেছৰ আসনৰ সংখ্যা কমিছিল৷ কিন্তু ২০১১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছৰ আসনৰ সংখ্যা বৃদ্ধি পায়৷ এইবাৰ এআইইউডিএফৰে মিত্রতা কৰি কংগ্রেছে উজনি অসমত অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ গগৈৰ এই ভাষ্যৰ লগে লগে কংগ্রেছে যে এইবাৰ এআইইউডিএফৰে মিত্রতা কৰিবই সেয়া এশ শতাংশ নিশ্চিত হৈ পৰিল৷
আনকি দলৰ সংখ্যালঘু শিবিৰকে ধৰি একাংশই আজমলৰ এই মিত্রতাৰ বিৰোধিতা কৰি থাকিলেও কংগ্রেছে যে সেই কথাত গুৰুত্ব নিদিয়ে, গগৈৰ ভাষ্যত সেয়াও স্পষ্ট হৈ পৰিছে৷ আনহাতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কটাক্ষ কৰি গগৈয়ে কয় যে তেওঁ গীতাও পঢ়িব আৰু ৰাজনীতিও কৰি যাব৷ সেইদৰে মন্ত্রী ড০ শর্মা আচল বামুণ নহয় বুলি কটাক্ষ কৰি গগৈয়ে কয় যে আচল বামুণে মানুহক আশীর্বাদ দিয়ে৷ কিন্তু হিমন্ত বিশ্ব শর্মা আচল বামুণ হোৱা হ’লে তেওঁক মৰিবলৈ অভিশাপ নিদিলেহেঁতেন৷ গগৈয়ে লগতে বিজেপি দলক হিমন্ত বিশ্ব শর্মাক বিজেপিৰ মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে ঘোষণা কৰিবলৈ প্রত্যাহ্বান জনাই কয় যে হিমন্ত বিশ্ব শর্মা যদি ইমানেই জনপ্রিয়, তেনেহ’লে বিজেপিয়ে তেওঁক মুখ্যমন্ত্রীৰ প্রার্থী হিচাপে ঘোষণা কৰক৷ গগৈৰ সুৰতে সুৰ মিলাই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বামুণক হিন্দুৱে সন্মান কৰে৷ কাৰণ বামুণসকলে পূজা–পাতল কৰি ৰাইজক আশীর্বাদ দিয়ে৷ কিন্তু হিমন্ত বিশ্ব শর্মা ব্যতিক্রমী বামুণ৷ তেওঁ অভিশাপ দিয়ে৷ তৰুণ গগৈ হিমন্ত বিশ্ব শর্মাৰ বাবে ৰাজনৈতিক পিতৃ৷ গগৈৰ বাবেই ৰাজনৈতিক ক্ষেত্রত হিমন্ত বিশ্ব শর্মাই আজিৰ এই পর্যায় পাইছে৷ সেয়ে তেওঁ হিমন্ত বিশ্ব শর্মাক গীতা, ভাগৱত পঢ়িবলৈ আহ্বান জনায়৷
সেই অনুষ্ঠানতে ৰিপুণ বৰাই কয় যে যোৱা ডেৰ–দুই মাহত অসমৰ জনসাধাৰণে ক’বলৈ আৰম্ভ কৰিছে– আমাক পৰিৱর্তন নালাগে, পৰিত্রাণ লাগে৷ এই পৰিত্রাণ বিচাৰিয়েই ৰাজ্যখনৰ বিভিন্ন প্রান্তত বিভিন্ন ক্ষেত্রৰ বহু লোকে কংগ্রেছত যোগদান কৰিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে আজিৰ এই অনুষ্ঠানতেই হাজো সমষ্টিৰ প্রাক্তন বিধায়ক দ্বীপেন পাঠকে আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷ পাঠকৰ লগতে অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত উপ–মহাপৰিদর্শক কৃষ্ণকান্ত শর্মা, অসম অসামৰিক সেৱাৰ প্রাক্তন বিষয়া ফাইজুল হুছেইনকে ধৰি শতাধিক লোকে কংগ্রেছ দলৰ সদস্য পদ গ্রহণ কৰে৷