ঢকুৱাখনাত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ ঢকুৱাখনা-শিৱসাগৰ সংযোগ কৰি ব্ৰক্ষ্মপুত্ৰ নদীৰ ওপৰত দিচাং টেকেলিফুটা দলং নিৰ্মাণৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গাডকাৰীয়ে ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত আধাৰশিলা স্বাপন কৰাৰ পিছতো দলং নিৰ্মাণৰ কোনো ব্যৱস্থা নকৰাৰ বিৰুদ্ধে আজি লখিমপুৰ জিলা কংগ্ৰেছৰ সহযোগত ঢকুৱাখনা, ঘিলামৰা আৰু বগীনদী ব্লক কংগ্ৰেছে।
ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সহযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰবণ সিং ঘাটোৱা, জয়প্ৰকাশ দাস, প্ৰাক্তন সাংসদ ৰাণী নৰহ, ভৰত চন্দ্ৰ নৰহ আদিৰ উপস্থিতিত শাসকীয় দলৰ বিৰুদ্ধে তীব্ৰ ক্ষুভ উজাৰি দলং নিৰ্মাণৰ আধাৰশিলা স্থলিত চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷