‘কিল মি’- নিজৰ কামিজ ফালি আৰক্ষীৰ সন্মুখত প্রতিবাদৰ নাটক ভূপেন বৰাৰ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে ধলপুৰৰ বেদখলকাৰীৰ পক্ষ লৈ নাটক কৰি নিজে পিন্ধি থকা চোলা ফালি ‘ইউ কিল মি’ বুলি দৰঙৰ উপায়ুক্তৰ কার্যালয়ৰ প্রৱেশদ্বাৰত কার্যবাহী দণ্ডাধীশক আহ্বান জনোৱা কার্যই সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে প্রদেশ কংগ্রেছৰ ৯জনকৈ বিধায়ক, ৩জন সাংসদসহ পূর্বৰ সভাপতি তথা সাংসদ ৰিপুণ বৰা আৰু সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা সঁজাতী দল পুৱা ১০.৩০ বজাত মঙলদৈত উপস্থিত হয়৷ কংগ্রেছৰ দলটোৱে বেদখলকাৰীৰ পক্ষত ৰাজপথলৈ আহি মঙলদৈৰ ৰাজীৱ ভৱনৰ পৰা ৩ শতাধিক সমর্থকক লৈ দৰঙৰ উপায়ুক্ত কার্যালয়ত উপস্থিত হয় ১১ বজাত৷ দলটোত মঙলদৈৰ কংগ্রেছী বিধায়ক বসন্ত দাসো উপস্থিত আছিল৷ দলটোক পোনতে উপায়ুক্ত কার্যালয়ৰ সন্মুখত বাধা দিয়ে আৰক্ষীয়ে৷ মঙলদৈ থানাৰ ভাৰপ্রাপ্ত বিষয়া মস্কো শইকীয়াসহ উপ–পৰিদর্শক ডাণ্টেজিট দেউৰীৰ অধীনত আৰক্ষীৰ এটা সাধাৰণ দলে পহৰা দি আছিল৷ উপস্থিত আছিল মঙলদৈৰ ৰাজহ চক্র বিষয়া তথা কার্যবাহী দণ্ডাধীশ নয়নমণি পাঠক৷
পোনতে সাংসদ আব্দুল খালেকৰ সমীপত থিয় দি সভাপতি ভূপেন বৰাই আৰক্ষীক ভিতৰলৈ প্রৱেশত বাধা দিয়াৰ বিৰোধিতা কৰে৷ লাহে পৰিস্থিতি উত্তপ্ত হয় আৰু সময়ত কংগ্রেছৰ সভাপতি বৰাই দুহাতেৰে নিজৰ কোট আৰু চোলা টানি ফালি দিয়ে৷ বৰাই সেই সময়ত বাৰে বাৰে চিঞৰি আছিল ‘ইউ কিল মি’ বুলি৷ পাছলৈ প্রদেশ কংগ্রেছৰ সঁজাতী দলটো অৱস্থান ধর্মঘটত বহে উপায়ুক্ত কার্যালয়ৰ মূল প্রৱেশ পথত৷