গুৱাহাটীত জব্দ হোৱা সুৰাৰ ট্রাকক লৈ বিতর্ক
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ গুৱাহাটীৰ খানাপাৰাৰ সমীপৰ বাৰমাইলত বুধবাৰে নিশা আবকাৰী বিভাগৰ চোৰাংচোৱা শাখাই অভিযান চলাই এখন সুৰাভর্তি ট্রাক আটক কৰা ঘটনাৰ সৈতে অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্রকাশন নিগমৰ উপাধ্যক্ষ জিতু গোস্বামীৰ নাম সাঙোৰ খাই পৰাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷
সোণাপুৰৰ তেতেলীয়াত জব্দ হোৱা সুৰাভর্তি ট্রাকখনৰ অবৈধ চালানখনত হিমালয়ান ডিষ্টিলেৰী প্রাইভেট লিমিটেডৰ নাম থকাত এই ঘটনাত প্রতিষ্ঠানৰ স্বত্বাধিকাৰ জিতু গোস্বামী জড়িত থকা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্রকাশ পায়৷ আজি উক্ত ঘটনা সন্দর্ভত জিতু গোস্বামীয়ে এখন সংবাদ মেলযোগে প্রতিক্রিয়া প্রকাশ কৰি কয় যে জব্দ হোৱা ট্রাকখনৰ সৈতে হিমালয়ান ডিষ্টিলেৰী প্রাইভেট লিমিটেড অথবা মোৰ সৈতে কোনো ধৰণৰ সম্পর্ক নাই৷ ট্রাকখন আছিল অবৈধ আৰু একাংশ দুষৃকতিকাৰীয়ে মোৰ অপযশ আনিবলৈ সমগ্র ঘটনাৰ সৈতে মোৰ নাম সাঙুৰি লৈছে৷ তেওঁ কয়– এক দায়িত্বশীল সংস্থা হিচাপে আমি আবকাৰী বিভাগৰ নীতি–নিয়মসমূহৰ বিষয়ে ভালদৰে অৱগত৷ ২০১৬ চনতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আবকাৰী পৰিবহণ পার্মিটৰ ক্ষেত্রত এই নিয়মসমূহ অধিক কঠোৰ কৰিছে৷ এই নিয়মৰ মাজেৰে হিমালয়ান ডিষ্টিলেৰী প্রাইভেট লিমিটেডে ব্যৱসায় চলাই আছে৷ কিন্তু অবৈধ সুৰাৰ ব্যৱসায়ৰ সৈতে মোক সাঙুৰি লোৱাটো ভিত্তিহীন কথাই নহয়, ইয়াৰ জৰিয়তে কিছুসংখ্যক বিৰোধীয়ে ৰাজহুৱাভাৱে মোক অপমানিত কৰিব বিচাৰিছে৷
বুধবাৰে নিশা আবকাৰী বিভাগে জব্দ কৰা ট্রাকখনত হিমালয়ান ডিষ্টিলেৰী প্রাইভেট লিমিটেডৰ নাম থকা এখন হাতেলিখা পার্মিটহে উদ্ধাৰ হয়৷ উক্ত পার্মিটখন ইতিমধ্যে অবৈধ বুলি আবকাৰী বিভাগে স্পষ্ট কৰিছে৷