আমচৈ চাহ বাগিচাত নতুনকৈ ২৬ গৰাকী ক’ৰোণাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ২২ মে’: আমচৈ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকলে আমচৈ চাহ বাগিচাত শিবিৰ পাতি কৰা স্বাস্থ্য পৰীক্ষাত আজি পুনৰ ২৬ গৰাকীৰ শৰীৰত ক’ৰোণা পজিটিভ পোৱা বুলি জানিব পৰা গৈছে । আজি স্বাস্থ্য কৰ্মী সকলে বাগিচাখনৰ মুঠ ২১২ শ্ৰমিক পুৰুষ আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰে । ইয়াকে লৈ আমচৈ চাহ বাগিচাত ক’ৰোণা পজিটিভৰ সংখ্যা ৬৭ গৰাকী হয়গৈ । আমচৈ চাহ বাগিচাত ক’ৰোণা পজিটিভৰ সংখ্যা এনেকৈ বৃদ্ধি পোৱাৰ বাবে নগাঁও জিলাৰ জিলা উপায়ুক্তই বাগিচাখনৰ শ্ৰমিক সকলে বসবাস কৰা তিনিটা লাইন সামৰি কণ্টেণ্টমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে । এই আক্ৰান্ত সকলক বাগিচাৰ দুঠাইত আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা কৰিছে জিলা স্বাস্হ্য বিভাগে ।