দুর্নীতিত অভিযুক্ত সীমান্ত আৰক্ষীৰ ডিএছপি যতীন দাসৰ জামিন মঞ্জুৰ
নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ নির্ধাৰিত সময়ত আৰক্ষীয়ে তদন্ত সম্পূর্ণ কৰিব নোৱাৰাৰ বাবে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হ’ল দুর্নীতিত অভিযুক্ত ধুবুৰীৰ সীমান্ত আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক যতীন চন্দ্র দাসৰ৷ দুর্নীতি প্রতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন ধাৰা অনুসৰি নির্ধাৰিত ৬০ দিনত তদন্ত কৰিব নোৱাৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে চর্ত সাপেক্ষে শেহতীয়াকৈ যতীন দাসৰ জামিন মঞ্জুৰ কৰিছে৷ ধুবুৰীত ৰুজু হোৱা গোচৰটোত আন এজন অভিযুক্ত ৰফিকুল প্রামাণিকৰ জামিনো গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে৷
জামিন পালেও যতীন দাস আৰু ৰফিকুল প্রামাণিকে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ লিখিত অনুমতি অবিহনে এৰিব নোৱাৰিব ৰাজ্য৷ তদন্তৰ বাবে বিচাৰিলেই তদন্তকাৰী বিষয়াৰ আগত হাজিৰ হ’ব লাগিব যতীন দাস আৰু ৰফিকুল প্রামাণিক৷ উল্লেখ্য যে অবৈধ সামগ্রী বাংলাদেশলৈ পৰিবহণৰ বাবে অনুমতি প্রদান কৰাৰ অভিযোগত ধুবুৰীৰ ডি এছ পি (সীমান্ত) যতীন চন্দ্র দাসক গ্রেপ্তাৰ কৰা হৈছিল৷ গ্রেপ্তাৰৰ পিছতে তেওঁলোকৰ বাসগৃহত চলোৱা তালাচীত ক্রমে ৫৭ হাজাৰ টকা আৰু ৪,২১,০০০ টকা উদ্ধাৰ কৰিছিল৷ ডি এছ পি পুষ্কল গগৈৰ এজাহাৰমর্মে এই সন্দর্ভত ভাৰতীয় দণ্ডবিধি আৰু দুর্নীতি প্রতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে৷