অৰুণোদয়ত দুৰ্নীতিঃ পলাশবাৰীৰ আমতলা জীয়াকুৰ পঞ্চায়ত ঘেৰাও মহিলাৰ
নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰঃ অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত আমতলা জীয়াকুৰ গাঁও পঞ্চায়তত ক্ষোভিত মহিলাসকলে উক্ত পঞ্চায়তটো ঘেৰাও কৰে। উল্লেখ্য যে আমতলা জীয়াকুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ২নং আমতলাৰ মহিলাসকলে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী মহিলাসকলে বিধায়ক প্ৰণৱ কলিতা হায় হায়, পঞ্চায়তৰ সভাপতি প্ৰফুল্ল কলিতা হায় হায়, অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে ।
অৰুণোদয় আঁচনি প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰাৰ বিপৰীতে চাকৰিয়াল, ব্যৱসায়ী তথা ধনী ব্যক্তিসকলে লাভ কৰা বুলি ক্ষোভিত মহিলাসকলে অভিযোগ উত্থাপন কৰে, যাৰ বাবে বঞ্চিত মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে আমতলা জীয়াকুৰ পঞ্চায়তৰ সভাপতি প্ৰফুল্ল কলিতাই দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এইক্ষেত্ৰত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক অতিশীঘ্ৰে তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে বঞ্চিত মহিলাসকলে । যদি প্ৰকৃত হিতাধিকাৰীক নিৰ্বাচিত কৰিব নোৱাৰে তেতিয়াহলে এই আঁচনি বন্ধ কৰাৰ বাবেও একাংশ মহিলাই দাবী উত্থাপন কৰে ।