নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালিলৈ তিৱা পৰিষদীয় নিৰ্বাচনঃ শান্তি-শৃংখলা বজাই ৰখাৰ বাবে সকলোকে আহ্বান মৰিগাঁও জিলা উপায়ুক্তৰ

৮৪১ গৰাকী বিষয়া কর্মচাৰীৰ নিজ গন্তব্যস্থানলৈ যাত্ৰা

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বহু প্ৰত্যাশিত তিৱা স্বায়ত্ব শাসিত পৰিসদৰ নিৰ্বাচন উপলক্ষে মৰিগাঁও কলেজ খেল পথাৰত স্থাপন কৰা অস্থায়ী নিৰ্বাচনী কাৰ্যলয় পৰা দায়িত্ব প্ৰাপ্ত বিষয়া কৰ্মচাৰীসকলে প্ৰয়োজনীয় সামগ্ৰী লৈ যাত্ৰা আৰম্ভ কৰে।

উল্লেখ্য মৰিগাঁও জিলাৰ ১৮৭ তা ভোট গ্ৰহণ কেন্দ্ৰত ১৮ তা সমষ্টিৰ বাবে ৮৪১ গৰাকী বিষয়া কৰ্মচাৰীয়ে ভোট গ্ৰহণ কৰিব। পোৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। আজি পুৱাৰ পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে সমগ্ৰ ব্যৱস্থা পয্যবেক্ষণ কৰি শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি প্ৰকাশ কৰে।

আনহাতে কোভিড প্ৰতকল অনুসৰি ভোট গ্ৰহণ কেন্দ্ৰত মাস্ক, গ্ল’ভচ, চেনিতাইজাৰ, ফেছ চিএল্ড আদিও যোগান ধৰিছে প্ৰশাসনে। উল্লেখ্য কালিলৈ মৰিগাঁও জিলাত ১,৪৩,৬৫৫ ভোটাৰে নিজৰ ভোটাধিকাৰ প্ৰদান কৰিব।

You might also like