নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৮ মিনিটত ৪৬বিধ খাদ্য ৰান্ধি ৰেকৰ্ড

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ এগৰাকী যুৱতীৰ অসাধাৰণ প্ৰতিভা। খাদ্য ৰান্ধি ভালপোৱা বহু মহিলা-যুৱতীয়েই আছে কিছুমানৰ বাবে এইটো এটা ৰুচি। কিন্তু কিছুমানে হয়তু ৰান্ধি বেয়া পায় কিন্তু দায়িত্বৰ খাতিৰত ৰান্ধিবলগীয়া হয়। বহু মহিলাৰ লগতে পুৰুষৰো আজিকালি এটা ৰুচি হৈছে বিবিধ সুস্বাদু খাদ্য তৈয়াৰ কৰা।

কিন্তু আজি এগৰাকী যুৱতীয়ে খাদ্য তৈয়াৰ কৰি UNICO বুক এৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। তামিলনাডুৰ লক্ষ্মী সাই শ্ৰী নামৰ যুবতীগৰাকীৰ ৰন্ধাৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহী আছিল। মাত্ৰ ৫৮ মিনিটত ৪৬ বিধ খাদ্য তৈয়াৰ কৰি ৰেকৰ্ড কৰিছে। সৰুতে মাকৰ পৰা খাদ্য তৈয়াৰ কৰিবলৈ শিকিছিল লক্ষ্মীয়ে।

এই সন্দৰ্ভত লক্ষ্মীৰ মাতৃয়ে কয় যে লকডাউনৰ সময়ৰ পৰাই ৰান্ধিব শিকিছিল আৰু দেউতাকে ৰেকৰ্ড গঢ়িৱলৈ অনুৰোধ কৰিছিল। মই পৰম্পৰাগত থলুৱা খাদ্য ৰান্ধি ভালপাওঁ। মোৰ কন্যা লক্ষ্মীয়ে বহুসময় পাকঘৰত কটাইছিল ৰন্ধা সম্পৰ্কীয় বহু কথা মই তাইৰ লগত আলোচনা কৰিছিলো।

ইয়াৰ আগতে এৰগৰাকী চানভি নামৰ এগৰাকী ১০ বছৰীয়া কিশোৰীয়ে ৩০ বিধ খাদ্য তৈয়াৰ কৰি ৰেকৰ্ড গঢ়িছিল আৰু এই ৰেকৰ্ড ভংগ কৰাত অতিকৈ সুখী লক্ষ্মীৰ পিতৃ।

 

 

You might also like