নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কালেও সলনি কৰিব পাৰা নাই ধুবুৰীৰ আশীবছৰীয়া এগৰাকী বাতৰিকাকতৰ হকাৰৰ এগৰাকীৰ দৈনন্দিন যাত্ৰা

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ  পুৱাই শোৱাপাটিৰ পৰা উঠিয়েই চাহ জলপান খাই এটা ছাতি লৈ লাহে লাহে খোজ মেলে নিজৰ কৰ্মস্থানলৈ। পুৱা দহ বজাৰ পৰা আবেলি তিনি বজালৈ ঘাট- বজাৰে ঘূৰি ফুৰি বাতৰিকাকত বিক্ৰী কৰে তেওঁ। নিয়মীয়াকৈ তেখেতৰ পৰা  বাতৰিকাকত ক্ৰয় কৰা বহুতেই বাট চাই থাকে ভৱেশদাৰ৷ ঠিক সময় মতেই  পঢ়ুৱৈৰ পছন্দৰ  বাতৰিকাকতখন হাতত তুলি দিব পৰাটোতেই আনন্দ তেখেতৰ৷ এইদৰে ৰ’দ-বতাহ-বৰষুণ নেওছি বিগত প্ৰায় ৫৬  বছৰৰ পৰা পঢ়ুৱৈক বাতৰিকাকত যোগান ধৰি আহিছে  ধুবুৰীৰ এইগৰাকী বাতৰিকাকতৰ হ’কাৰে৷  মুখত মিঠা লাজুকীয়া হাঁহি বিৰিঙাই, এহাতত বাতৰিকাকতৰ টোপোলা আৰু অইন হাতত কলা ৰঙৰ এটা ছাতিলৈ খোজকাঢ়ি ঘূৰি-ঘূৰি ভৱেশ চন্দ্ৰ নাথ নামৰ এই গৰাকী হকাৰ নিতৌ বাতৰিকাকত বিক্ৰী কৰি ফুৰাৰ দৃশ্য  অতি ধুবুৰী চহৰত৷ ’ক’ভিড মহামাৰীৰ বাবে উদ্ভৱ পৰিস্থিতিয়ে জীৱন শৈলী সলনি কৰিছে বহুতোৰে। কিন্তু হাৰ মানা নাই অদম্য মনোবলৰ আনুমানিক প্ৰায় আশী বছৰ গৰকা এগৰাকী বৃদ্ধই। ১৯৬৬ চনতেই “সঞ্চয়িতা” নামৰ ধুবুৰীৰ স্থানীয় বাতৰিকাকতৰ এজেন্চী এটাত হ’কাৰ ৰূপে নিয়োজিত হৈছিল তেওঁ। বয়সে ভাটি দিলেও উদ্যম কিন্তু আছে একেই আছে তেখেতৰ৷ “১৯২৭ চনত জন্ম লভিছিল আমাৰ এই এজেন্চীটোৰ। পিছত ১৯৬৬ চনতেই  মোৰ প্ৰয়াত পিতৃ ত্ৰিলোচন ৰায়ৰ দিনত কামত সোমাইছিল সুভাষদা। তেতিয়া মই অষ্টম মান শ্ৰেণীৰ ছাত্ৰ৷” – এই ভাষ্য বাতৰিকাকতৰ এজেঞ্চিটোৰ বৰ্তমানৰ স্বত্বাধিকাৰী সত্যেন্দ্ৰ নাথ ৰায়ৰ৷

ধুবুৰীৰ স্থানীয় নাথপাৰাৰ বাসিন্দা নাথে পুৱা চাহ-জলপান খাই পদব্ৰজে উপস্থিত হয় “সঞ্চয়িতা”লৈ আৰু  বাতৰিকাকতখিনি চমজি লৈ বিক্ৰী কৰিবলৈ ওলাই যায় চহৰখনৰ প্ৰান্তে প্ৰান্তে৷  আনকি হঠাৎ অহা বানপানীৰ বাবে কেতিয়াবা ধুবুৰী চহৰ কেইবাদিনলৈ জলমগ্ন হৈ থাকিলেও সেই নঘটে চোৱাতো ব্যতিক্ৰম নঘটে তেখেতৰ দৈনন্দিন সেই ৰুটিনৰ৷ “পানী ভাঙি ভাঙি  বানপানীতো সুভাষদাই বাতৰিকাকত বিক্ৰী কৰিছিল”, এয়াও জনাইছে ‘সঞ্চয়িতা’ৰ স্বত্বাধিকাৰীয়ে বাতৰিকাকত হকাৰি কৰিয়েই নিজৰ পৰিয়ালক পোহপাল দিয়া সুভাষ চন্দ্ৰ নাথৰ দুই পুত্ৰ  বৰ্তমানে উপাৰ্জনক্ষম৷ তেখেতৰ বৰপুত্ৰ  ধুবুৰীৰ স্থানীয় চিকিৎসক এগৰাকীৰ গাড়ীচালকৰূপে নিয়েজিত হৈ থকাৰ বিপৰীতে সৰু পুত্ৰ ধুবুৰী আদালতত মুহুৰিৰ কাম শিকি আছে৷ দৰাচলতে  বাতৰিকাকতৰ হকাৰৰূপে বৰ্তমানে কাম কৰাৰ বিশেষ প্ৰয়োজন নাই নাথৰ৷ “বৰ্তমানে মোৰ বয়স ৮১ বছৰ মান হ’ব৷ ২৫ বছৰ বয়সত এই কামত শুমাইছিলোঁ৷ পুৱা উচপিছাই থাকোঁ কেতিয়া বাতৰিকাকতখিনি লৈ বিকিবলৈ ওলাম৷ সেয়া লৈ ঘৈণীয়েকে গালিও পাৰে৷ কিন্তু বৰ্তমানে এইটো মোৰ নিছা হৈ পৰিছে৷ আগতে দৈনিক ৭০/৮০খনকৈ বাতৰিকাকত বিক্ৰী কৰিছিলোঁ৷ কিন্তু বয়সে ভাটি দিলে৷ আগৰদৰে দৌৰিব নোৱাৰোঁ৷

ইপিনে  ক’ভিডৰ বাবে বাতৰিকাকতৰ বিক্ৰীও বহু কমি গৈছে। মাজতে অফিচ–কাছাৰী সকলে বন্ধ আছিল; বন্ধ আছিল বিদ্যালয়সমূহো।’’ এই ভাষ্য তেখেতৰ। অৱশ্যে তেখেত আশাবাদী যে অতি শীঘ্ৰে পৰিস্থিতিৰ শাম কাটিব আৰু পূৰ্বৰ দৰে  বহু পঢ়ুৱৈক যোগান ধৰিব তেওঁলোকৰ প্ৰিয় বাতৰিকাকতসমূহ। পিছে ভৱেশ নাথৰ আক্ষেপ এয়াও যে, “প্ৰথমে টিভি আৰু এতিয়া মোবাইল৷ মোবাইল বা টিভি খোলাৰ লগে লগে বাতৰি পায়৷ ফলত হ্ৰাস পাবলৈ লৈছে বাতৰিকাকতৰ পঢুৱৈৰ সংখ্যা৷” কিন্তু আশা এৰা নাই নাথে৷ তেখেতৰ মতে, “বাতৰিকাকতত বাতৰি পঢ়াৰ সুকীয়া এক আমেজ আছে৷ সেই বিশেষ অনুভূতি টিভি বা মোবাইলে দিব নোৱাৰে৷” লগতে  নাথৰ দাৱী, “মোবাইল আৰু টিভিমুখী বহু দৰ্শকে অনুসন্ধানমূলক আৰু কোনো ঘটনা-পৰিঘটনাৰ বিতং বাতৰিৰ বাবে এতিয়াও বাতৰিকাকতেই পঢ়ে৷”  ক’ভিড কালেও পৰাভূত কৰিব নোৱাৰা আশী বছৰ গৰকা ধুবুৰীৰ এই হ’কাৰগৰাকীৰ যাত্ৰা আগলৈ বহু দিনলৈ অব্যাহত থাকক –এয়াই কামনাবাতৰিকাকতৰ স্থানীয় বহু পঢ়ুৱৈকে ধৰি তেখেতৰ বহু অনুৰাগীৰ।

You might also like