নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ অঞ্চলত ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ জুনঃ আমচৈ ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী সকলে আমচৈ চাহ বাগিচাৰ শাখা বালিকুচি চাহ বাগিচাত কৰা স্বাস্থ্য পৰীক্ষাত নতুনকৈ ২৯ জনৰ শৰীৰত ক’ৰোণাৰ সংক্ৰমণ থকা ধৰা পৰিছে । এই ২৯ গৰাকীৰ ২৭ গৰাকীয়েই বালিকুচি শাখা চাহ বাগিচাৰ শ্ৰমিক। বাকী ২ গৰাকী ওচৰৰ নেপালী গাঁৱৰ বুলি জানিব পৰা গৈছে।

বালিকুচি শাখা চাহ বাগিচাৰ ক’ৰোণা আক্ৰান্ত সকলক আনি আমচৈ চাহ বাগিচাৰ চিকিৎসালয়ত থকা ক’ভিড কেয়াৰ কেন্দ্ৰত ৰাখি চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ক’ৰোণা পজিটিভ সকলক সামৰি আমচৈ অঞ্চলত ক’ৰোণা আক্ৰান্তৰ সংখ্যা মুঠ ১৮৫ গৰাকী হ’লগৈ। অৱশ্যে আমচৈ চাহ বাগিচা আৰু বেলতলাত আমচৈ ৰাজ্যিক চিকিৎসালয়ে অলপতে কৰা স্বাস্থ্য পৰীক্ষাত নতুনকৈ এজনো ক’ৰোণা আক্ৰান্ত পোৱা নগ’ল বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে।

You might also like