নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ বিয়োগৰ এদিন পিছতে পার্থপ্রতিম দাসৰ ক’ভিডত মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ শিৱসাগৰৰ অন্যতম কাকত বিক্রী প্রতিষ্ঠানৰ স্বত্বাধিকাৰী পার্থপ্রতিম দাস আৰু তেওঁৰ মাতৃ পাৰুল দাসৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ শিৱসাগৰৰ এ এছ টি চি বুক ষ্টলৰ স্বত্বাধিকাৰ পার্থপ্রতিম দাসৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে বিয়োগ ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৩১ বছৰ৷

ইফালে, তেওঁৰ মাতৃ পাৰুল দাসৰো কালি বিয়োগ ঘটিছিল৷ মাত্র কেইঘণ্টামানৰ ব্যৱধানত মাতৃ–পুত্রৰ বিয়োগে শিৱসাগৰবাসীক শোকাভিভূত কৰি তুলিছে৷

উল্লেখ্য যে শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বুক ষ্টলখন অসমৰ বৌদ্ধিক সমাজৰ এক পৰিচিত প্রতিষ্ঠান৷ অসমৰ প্রতিটো বাতৰি প্রকাশন গোষ্ঠীৰ দশক দশকজোৰা সম্পর্ক আছে এই প্রতিষ্ঠানটোৰ সৈতে৷ ১৯৭২ চনত দেৱেন দাসে শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমত আৰম্ভ কৰা এ এছ টি চি বুক ষ্টল ৰূপে পৰিচিত প্রতিষ্ঠানখনৰ সৈতে অজস্রজনৰ আছিল এক নষ্টালজিক সম্পর্ক৷ গড়কাপ্ঢানী বিভাগত সেই সময়ত চাকৰি কৰা দেৱেন দাসে বৌদ্ধিক জগতৰ উত্তৰণৰ স্বার্থতেই কাকত ব্যৱসায়ৰ সৈতে জডিত হৈ ত্যাগ কৰিছিল চৰকাৰী চাকৰি৷ ৰাজ্যিক পৰিবহন নিগমৰ বাছত গুৱাহাটীৰ পৰা প্রকাশিত বাতৰিকাকত সন্ধিয়া আহি শিৱসাগৰ পাইছিলহি৷

শিৱসাগৰ আহি পোৱাৰ লগে লগেই বুক ষ্টলৰ স্বত্বাধিকাৰ দেৱেন দাসে গাডীৰ পৰা বাতৰিকাকতৰ টোপোলাকেইটা আনিয়েই খৰধৰকৈ খুলি অধিক আগ্রহেৰে বাট চাই থকা গ্রাহকৰ হাতত তুলি দিছিল৷ তেনেদৰেই সকলোৰে আপোন হৈ পৰিছিল শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বুক ষ্টলখন৷ ২০১৩ চনত আকস্মিকভাৱে প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰ দেৱেন দাসে মৃত্যুক সাবটি লয়৷ পৰৱত্ সময়ত তেওঁৰ পুত্র পার্থপ্রতিম দাসে (চংকু) বুক ষ্টলখনৰ দায়িত্ব চমজি লয় আৰু সুচাৰুৰূপে পৰিচালনা কৰে৷ ইপিনে, এক জটিল ৰোগত আক্রান্ত মাতৃক চিকিৎসাৰ বাবে পার্থপ্রতিম দাসে যোৱা পাঁচ দিন পূর্বে গৈছিল গুৱাহাটীলৈ৷ গুৱাহাটীত মাতৃৰ অৱস্থা কিছু জটিলতাৰ মাজলৈ যোৱাত চিকিৎসকৰ পৰামর্শক্রমে তেওঁলোক ঘৰলৈ ওভতাই আনে৷ এনে সময়তে পার্থপ্রতিম দাসে শাৰীৰিক অসুস্থতা অনুভৱ কৰাত ক’ভিড পৰীক্ষা কৰাত মাতৃ–পুত্র দুয়ো আক্রান্ত হোৱাটো নিশ্চিত হয়৷ লগে লগেই অধিক সংকটাপূর্ণ হৈ পৰা পাৰুল দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও সোমবাৰৰ দুপৰীয়া তেওঁ মৃত্যুক সাবটি লয়৷

ইফালে, মাতৃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত জীৱন–মৃত্যুৰে যুঁজি থকাৰ সময়তে চ্যুকাফা হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল পার্থপ্রতিম৷ পৰিয়ালৰ লোকে ডন্নত চিকিৎসাৰ বাবে ক’ভিড আক্রান্ত পার্থপ্রতিমক ৮ আগষ্টত ডিব্রুগডৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰায় যদিও আজি পুৱা ৫ বজাত তেওঁৰ মৃত্যু ঘটে৷ যুৱ ব্যৱসায়ীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী কৰবী দাসৰ লগতে জ্যেষ্ঠ ভগ্নীক এৰি যায়৷ আজি বিয়লি তিনি বজাত থানামুখ শ্মশানত ক’ভিড প্রট’কলৰ মাজেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ মাত্র ১৬ ঘণ্টাৰ ব্যৱধানত মাতৃ আৰু পুত্রৰ বিয়োগৰ ঘটনাই সমগ্র শিৱসাগৰ নগৰত শোকৰ ছাঁ পেলাইছে৷ মাতৃ আৰু পুত্রৰ বিয়োগত  শিৱসাগৰ পৰিবহণ নিগম ব্যৱসায়ী সন্থাই শোক প্রকাশ কৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ ৰাখে৷ পাৰুল দাস আৰু পার্থপ্রতিম দাসৰ মৃত্যুত উজনি অসম বাতৰিকাকত বিতৰক আৰু বিক্রেতা সন্থা, এ এছ টি চি ব্যৱসায়ী সন্থা, শিৱসাগৰ জিলা হকাৰ সন্থা, শিৱসাগৰ শর্মা ব্রাদার্ছ, মেলাচ’কৰ বৰনামঘৰ পৰিচালনা সমিতি, বীণাপাণি সংগীত মহাবিদ্যালয়, শিৱসাগৰ নাট্য সমাজ, শিৱসাগৰ প্রেছ ক্লাব, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ বার্তাজীৱী সংঘ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, আহোম ৰয়েল ছ’চাইটী, বর্ণালী সংঘ, অৰুণোদয় সাহিত্য সভা, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, ৰংপুৰজ্যোতি ক্লাব, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like