৯২ বছৰত ক’ভিডক পৰাভূত গিৰিজা দেৱীৰ
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ ক’ৰোনা মহামাৰীয়ে বহুতৰ জীৱনলৈ কাল ধুমুহা নমাই অনাৰ সময়তে হুইল চকীত বহি ক’ৰোনাক জয় কৰিলে নলবাৰীৰ এগৰাকী ৯২ বছৰীয়া আইতাই৷ ক’ভিড জয়ী আইতাগৰাকীক গামোচা পিন্ধালে নলবাৰীৰ চিকিৎসকৰ দলে৷ এই বৃদ্ধা আইতাগৰাকী হ’ল নলবাৰী চহৰৰ গোপাল বজাৰৰ বাসিন্দা গিৰিজা দেৱী৷ আইতাগৰাকীয়ে ১৪ দিন পূর্বে আক্রান্ত হৈছিল ক’ৰোনাত৷ তেওঁ ১৪ দিন হোম আইছ’লেচনত থাকি হুইল চেয়াৰতে ক’ৰোনা জয় কৰিলে বৃদ্ধা গিৰিজা দেৱীয়ে৷
পৰিয়ালৰ লোক, চিকিৎসকৰ যৎপৰনাস্তি চেষ্টাত সোমবাৰে সুস্থ হৈ উঠে ৯২ বছৰীয়া গিৰিজা দেৱী৷ নলবাৰীৰ চিকিৎসকৰ দল এটাই হুইল চেয়াৰতে আইতাগৰাকীক সম্বর্ধনা জনায়৷ নলবাৰী জিলা স্বাস্থ্য বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ কৈলাস ডেকাৰ নেতৃত্বত যোৱা এটা চিকিৎসকৰ দলে আইতাগৰাকীক গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰে৷