নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত পুনৰ ১৯ টাকৈ চোৰাং গৰুসহ ট্ৰাক জব্দ

নিয়মীয়া বাৰ্তা,১৫ মাৰ্চ: ৰাজ্য খনত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ১৯ টাকৈ চোৰাং গৰু সহ এখন পাঞ্জাৱ বডীৰ ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে এক গোপন খবৰৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আজি দিনৰ প্ৰায় ১১-৩০ মান বজাত চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৷ পৰৱৰ্তী সময়ত উজনিৰ দিশৰ পৰা চোৰাং গৰু কঢ়িয়াই আনি থকা অৱস্থাত এএছ ০১ ই চি ০৯৭১ নম্বৰৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পৰা ১৯ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। উজনিৰ পৰা মেঘালয় অভিমুখে চোৰাং গৰু কঢ়িয়াই অনা ট্ৰাকখনৰ পৰা আৰক্ষীয়ে মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ চোনিকি টাৰিয়াং (২৩) নামৰ গাড়ী চালক জনক আটক কৰিবলৈ সক্ষম হয়। গোলাঘাট জিলাৰ বিহৰা অঞ্চলৰ পৰা এই গৰু কেইটা চোৰাং ভাবে সংগ্ৰহ কৰি মেঘালয়লৈ বুলি নি আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন গাড়ী চালক জনক চামগুৰি আৰক্ষী থানাত সোধপোচ চলাই থকা হৈছে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা সোমবাৰে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই উজনি দিশৰ পৰা মেঘালয়লৈ কঢ়িয়াই নি থকা অৱস্থাত চোৰাং গৰুৰ সহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

প্ৰমোদ কুমাৰ শৰ্মা :চামগুৰি

You might also like