নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বৰমাবিল আৰু বাজিয়াগাঁৱত দুখন গাড়ী সহ ১৩ টা চোৰাং গৰু জব্দ

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰী:  নগাঁও জিলাৰ চামগুৰি সমষ্টিত সম্প্ৰতি চোৰাং গৰু সৰবৰাহৰ ৰম্য ভূমিত পৰিনত হোৱা পৰিলক্ষিত হৈছে ৷ আৰক্ষীয়ে চামগুৰিৰ বিভিন্ন সংখ্যালঘু এলেকাত প্ৰায়েই অভিযান চলাই চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।আনহাতে আৰক্ষীৰ চকুত ধূলি দিবলৈ চোৰাং গৰু সৰবৰাহকাৰী সকলে নিতৌ ন-ন কৌশল অৱলম্বন কৰাও পৰিলক্ষিত হৈছে। চোৰাং গৰু সৰবৰাহৰ বাবে এতিয়া সৰবৰাহকাৰী সকলে বিলাসী বেলেন’,চাফাৰী, নৈশ বাছৰ লগতে যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীও ব্যৱহাৰ কৰি বিগত সময়ত আৰক্ষীৰ হাতত ধৰা পৰা পৰিলক্ষিত হৈছে। আজি পুৱতি নিশা প্ৰায় ৩–৪৫মান বজাত চামগুৰি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বাজিয়াগাৱঁত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই এএছ ০২ এছ ১৯০৪ নম্বৰৰ টাটা টিয়াগো নামৰ বিলাসী গাড়ী খনৰ সহ ৬ টা চোৰাং গৰু জব্দ কৰে ৷ এটা কুখ্যাত গৰুচোৰ চক্ৰই বিভিন্ন অঞ্চলৰ পৰা গৰু চুৰি কৰি বাজিয়াগাৱঁত উক্ত গাড়ী খনৰ পৰা চোৰাং গৰু কেইটা নমাই থকাৰ সময়ত চামগুৰি আৰক্ষীয়ে অভিযান চলাই গাড়ী খনৰ সহ ৬ টা গৰু জব্দ কৰে বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ উক্ত গৰু চুৰি চক্ৰটোৰ লগত বাজিয়াগাৱঁৰ ছাইদুল সহ বহুকেইজন লোক জড়িত থকা সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ আনহাতে আজি পুৱা প্ৰায় ১০-৩০ মান বজাত চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বৰমাবিল অঞ্চলত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই এখন টাটা ম’ৱাইল গাড়ী সহ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰমাবিল অঞ্চলৰ গৰু চোৰ জনৈক ইব্ৰাহিম আলী নামৰ লোকজন ঘৰত আজি পুৱা প্ৰায় ১০-৩০ মান বজাত এএছ ০২ চি চি ৭৮৮৫ নম্বৰৰ গাড়ী খনত চোৰাং গৰু উঠাই সৰবৰাহ কৰিবৰ বাবে চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে অভিযান চলাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱে উক্ত গাড়ী খনৰ সহ ৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলোৱাৰ উমান পায় দুইখন গাড়ীৰ তথা চোৰাং গৰু সৰবৰাহকাৰী সকল পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী সকলক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

You might also like