নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহকাৰী পঞ্জীয়ক নিতুল দাসৰ ঘৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক নিতুল দাসৰ খৰঘুলিৰ ঘৰত আজি ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় ৷ আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আজি গ্ৰেপ্তাৰ কৰা হৈছিল সহকাৰী পঞ্জীয়ক নিতুল দাসক ৷ অভিযানত দাসৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰীসহ নগদ ধন৷ প্ৰায় আঢ়ৈ লাখ টকা নগদ ধনৰ লগতে ভূমিকেন্দ্ৰিক বহু নথি জব্দ কৰে ক্ৰাইম ব্ৰাঞ্চে। লগতে কেইবাটাও ভুৱা ছীল, এটা TI Book আৰু এখন উকা ভলিউম পঞ্জীয়ন বহী জব্দ হয় অভিযানত। চাইবাৰ চেলৰ গোচৰৰ তদন্তত ওলাইছিল নিতুল দাসৰ জালিয়াতিৰ তথ্য ৷ এটা বৃহৎ চক্ৰই চলাই গৈছিল এই বৃহৎ জালিয়াতি৷ অনলাইনযোগে সংঘটিত কৰিছিল এই বৃহৎ জালিয়াতি ৷ অন্য লোকৰ ভূমি অন্য লোকৰ নামত নামজাৰী কৰিছিল চক্ৰটোৱে ৷ এই গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিল কাৰ্যালয়ৰ এজন ডিটিপি অপাৰেটৰ ৷ ডিটিপি অপাৰেটৰ ধ্ৰুৱজ্যোতি বৰ্মনৰ পিছত গ্ৰেপ্তাৰ হৈছিল অধিবক্তা মইনুল হক৷ আৰু এইবাৰ গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক নিতুল দাস।

#বাৰ্তা ডেস্ক

You might also like