আৰক্ষীৰ গুলীত আহত দুর্ধর্ষ অপৰাধী বগা
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ দক্ষিণ কামৰূপৰ বিজয়নগৰত যোৱা ১ আগষ্টত দিন–দুপৰতেই ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলাই কৰায়ত্ত হোৱা বগাই আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলোৱাৰ সময়তে অসম আৰক্ষীৰ গুলীত আহত হয়৷ বুধবাৰে পলাশবাৰী আৰক্ষীয়ে বৰিহাটৰ ভাল্লা অঞ্চললৈ বগা ওৰফে আনোৱাৰ হুছেইনক অধিক তথ্যৰ অনুসন্ধানৰ বাবে লৈ যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল৷
ফলত পলাশবাৰী আৰক্ষীয়ে দুর্ধর্ষ অপৰাধী বগাক গুলীচালনা কৰাত সোঁভৰিত গুলী লাগি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ লগে লগে আৰক্ষীয়ে বৰিহাটস্থিত উমাকান্ত আৰু চন্দ্রকান্ত গোস্বামী প্রাথমিক স্বাস্থ্যকেন্দ্রত প্রাথমিক চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে ১০৮ এম্বুলেঞ্চযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷
একাধিক হত্যা, ডকাইতি আৰু চুৰিৰ গোচৰত অভিযুক্ত আনোৱাৰ হুছেইন ওৰফে বগা অৱশেষত গুলীবিদ্ধ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্রস্বৰূপ বিজয়নগৰত দিন–দুপৰতেই ব্যৱসায়ীক পিষ্টলেৰে গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল এই দুর্ধর্ষ বগা ওৰফে আনোৱাৰ হুছেইন আৰু টেকেলী ওৰেফে তফিকুল আলীয়ে৷ অসম ষ্টোৰ নামৰ দোকানখনত নম্বৰ প্লেটবিহীন পালছাৰ মটৰচাইকেলেৰে আহি দুয়ো হেলমেট পিন্ধি দোকানত প্রৱেশ কৰি অতর্কিতে মালিক পৱন কুমাৰ আগৰৱালাক আক্রমণ কৰিছিল৷ বহাৰ পৰা উঠাই আনি পিষ্টল দেখুৱাই গুলীওৱাৰ ভাবুকি দিছিল যদিও পৱন কুমাৰ আগৰৱালাই আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ–বাখৰ কৰি পিষ্টলটো হাতেৰে খামুচি ধৰাত দুই দুর্বৃত্তই হেলমেটেৰেই আক্রমণ কৰিছিল৷ চিঞৰ–বাখৰ শুনাৰ লগে লগেই ওচৰৰ লোক আহি ভিৰ কৰাত মটৰচাইকেলখন এৰি দুয়ো বিজয়নগৰৰ মাজ মজিয়াৰ পৰাই মুহূর্তৰ ভিতৰতেই পলায়ন কৰিছিল৷
অৱশেষত সোমবাৰে নিশা ঘটনাৰ লগত জডিত বিজয়নগৰ হালীগাঁৱৰ তফিকুল আলী ওৰফে টেকেলি চোৰক ঘৰৰ পৰা আৰু আনোৱাৰ হুছেইন ওৰফে বগাক সোণতলীৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল৷ বগাৰ জিম্মাৰ পৰা ৯টা সক্রিয় গুলীসহ এটা জাপানত নির্মিত পিষ্টলো উদ্ধাৰ কৰিছিল৷
আনহাতে, বিজয়নগৰতেই প্রায় দুবছৰ পূর্বে শান্তিলাল জৈন নামৰ এগৰাকী ব্যৱসায়ীক এই দুর্ধর্ষ বগাই গুলীয়াই হত্যা কৰিছিল৷ পলাশবাৰী আৰক্ষীৰ জিম্মাত থকা বগাই আজি দুপৰীয়া অস্ত্রৰ সন্ধান দিয়াৰ বাবে বৰিহাট ভাল্লালৈ নি থকা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰিব বিচাৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে৷