নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিটা কার্যকাল কংগ্রেছৰ দখলত থকা দলগাঁও লাগে আজমলক

আসনক লৈ কংগ্রেছ–এআইইউডিএফত টনা–আঁজোৰা

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ সমাগত বিধানসভা নির্বাচনক লৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত মিত্রতা চূড়ান্ত হোৱাৰ পাছত এতিয়া সমষ্টি এৰাধৰাক লৈ দুই দলৰ মাজত কার্যতঃ আৰম্ভ হৈছে সংঘাত৷ নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু অধ্যুষিত বিভিন্ন সমষ্টিক লৈ দুই মিত্রদলৰ মাজত আসন বুজাবুজিৰ বিষয়টো ইতিমধ্যে জটিলতাৰ আৱর্তত সোমাই পৰিছে৷ যাৰ বাবে আসন বুজাবুজিৰ বিষয়টো আগুৱাই নিব পৰা নাই৷

শেহতীয়াকৈ দৰং জিলাৰ দলগাঁও সমষ্টিক লৈ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মুকলি সংঘাত আৰম্ভ হৈছে৷ একেৰাহে তিনিটা কার্যকাল কংগ্রেছৰ দখলত থকা দলগাঁও সমষ্টি এইবাৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে দাবী কৰাই নহয়, আজমলে দলৰ প্রার্থীৰ নামো ঘোষণা কৰিছে৷ দুই দলৰ ৰাজনৈতিক সভা–সমিতিতে এই ছবিখন পৰিস্ফুট হৈ পৰিছে৷ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে দলগাঁৱৰ এখন দলীয় সভাত প্রকাশ কৰা অনুসৰি তেওঁলোকৰ দলৰ ‘এ প্লাছ’ সমষ্টিসমূহৰ ভিতৰত দলগাঁও অন্যতম৷ দলগাঁৱত তেওঁলোকে এইবাৰ নির্বাচন খেলিবই৷ কংগ্রেছ যিহেতু তেওঁলোকৰ বিগ ব্রাদাৰ, সেই অনুসৰি সৰু ভাই হিচাপে তেওঁলোকে দলগাঁও বিচাৰিব আৰু কংগ্রেছে মৰমতে সেই সমষ্টিটো এৰি দিব৷ সেইদৰে নাওবৈচাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে তেওঁলোকে মূৰ জোকাৰি নাথাকে৷ কংগ্রেছৰ আজি ক’ত অস্তিত্ব আছে বুলি প্রশ্ণ কৰি বিধায়ক চৌধুৰীয়ে কয় যে তেওঁলোক অবিহনে কংগ্রেছৰ চৰকাৰ কৰাৰ হিম্মত নাই৷ তেওঁলোকে যি কয়, কংগ্রেছে সেইটোৱেই মানিব লাগিব৷ দলগাঁও সমষ্টিত তেওঁলোকে এইবাৰ প্রার্থিত্ব দিবই৷ দলৰ মহিলা মর্চাৰ সভাখনত মুম্বাইৰ পৰা ভিডি’ কলিংযোগে বদৰুদ্দিন আজমলে অংশগ্রহণ কৰি জনসাধাৰণক এইবাৰ দলগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্রার্থীক জয়যুক্ত কৰাবলৈ আহ্বান জনায়৷ আজমলে আনকি সমষ্টিটোত এইবাৰ মজিবুৰ ৰহমান দলীয় প্রার্থী হ’ব বুলি প্রকাশ কৰে৷

ইপিনে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দলগাঁৱত আয়োজিত এখন দলীয় সভাত যিসমূহ সমষ্টি কংগ্রেছৰ দখলত আছে, সেই সমষ্টিসমূহ কংগ্রেছে মিত্রদল এ আই ইউ ডি এফক এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে৷ দলগাঁও সমষ্টি একেৰাহে তিনিটা কার্যকাল কংগ্রেছৰ দখলত আছে৷ এনে অৱস্থাত দলগাঁও আনক এৰি দিয়াৰ প্রশ্ণই নুঠে বুলি সভাপতি বৰাই ঘোষণা কৰে৷ দলগাঁৱৰ দৰে আনবোৰ সমষ্টিতো যে একে পৰিস্থিতিৰ উদ্ভৱ হ’ব, সেয়া সহজেই অনুমেয়৷ এনে অৱস্থাত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সময়ত কিমান ফলপ্রসূ হয়গৈ, সেয়া আসন বুজাবুজি পর্যায় আৰম্ভ হ’লেহে বিষয়টো অধিক স্পষ্ট হৈ পৰিব৷

You might also like