নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চূড়ান্ত পর্যায়ত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ; নির্বাচনৰ পূর্বে ৰাজ্য চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ

মৰাণ–মটক–তাই আহোম–চুতীয়া–কোচ ৰাজবংশী–চাহ জনগোষ্ঠীয়ে পাব এছ টি(এন)ৰ স্বীকৃতি

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ অসমৰ ছয় জনগোষ্ঠী মৰাণ–মটক–তাই আহোম–চুতীয়া–কোচ ৰাজবংশী–চাহ জনগোষ্ঠীয়ে অচিৰেই জনজাতিৰ মর্যাদা লাভ কৰাৰ পথ একপ্রকাৰ প্রশস্ত হৈ পৰিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পৰীক্ষা–নিৰীক্ষা কৰি কেন্দ্রক প্রতিবেদন দাখিলৰ বাবে যোৱা বছৰৰ ১৪ জানুৱাৰীত গঠন কৰা অসম চৰকাৰৰ মন্ত্রীগোট মণ্ডলীৰ বৈঠকে ইতিমধ্যে বিষয়টো সম্পর্কত এক ৰূপৰেখা যুগুতাই উলিয়াইছে৷ সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ সংগঠন আৰু বর্তমানৰ জনজাতিসকলৰ নেতৃত্বই মন্ত্রীগোট মণ্ডলীৰ ওচৰত দিয়া বিভিন্ন পৰামর্শ আৰু দাবীৰ আধাৰতেই বর্তমানৰ জনজাতিসকলৰ অধিকাৰত কোনো হানি–বিঘিনি নোহোৱাকৈ ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা দিয়াৰ দিশত সমাগত বিধানসভা নির্বাচনৰ পূর্বে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে৷

ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ এক উচ্চস্তৰীয় সূত্রই জানিবলৈ দিয়া মতে, মন্ত্রীগোটে অচিৰেই এখন বৈঠকত মিলিত হৈ সমগ্র বিষয়টো সম্পর্কত এখন প্রতিবেদন যুগুতাব আৰু তাৰ পাছতেই এই প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি ছয় জনগোষ্ঠীক পোনপটীয়াকৈ জনজাতিকৰণৰ ব্যৱস্থা কৰিলে স্বাভাৱিকতে বর্তমান জনজাতিৰ মর্যাদা ভোগ কৰি অহা জনজাতি লোকসকল সকলো দিশৰ পৰা ক্ষতিগ্রস্ত হ’ব৷ ইয়াৰ ফলত আন এক সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷ সেয়ে নতুনকৈ জনজাতিকৰণ কৰিবলগীয়া ছয় জনগোষ্ঠীক নতুন জনজাতি এছ টি (এন) হিচাপে মর্যাদা দিয়াৰ পোষকতা কৰিছে৷ এছ টি (এন)ক বর্তমানৰ অন্যান্য পিছপৰা শ্রেণী (অ’বিচি)ৰ সংৰক্ষণৰ হাৰৰ পৰাই অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা বছৰ জানুৱাৰী মাহত কেন্দ্রীয় গৃহ মন্ত্রালয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত অসম চৰকাৰক মন্ত্রীগোট গঠনৰ সময়ত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষণ নির্ধাৰণ, নতুনকৈ অ’ বি চিৰ বাবে সংৰক্ষণ নির্ধাৰণ আৰু বর্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু মর্যাদা সুৰক্ষিত ৰাখি কেন্দ্রক পৰামর্শ দিবলৈ স্পষ্ট কৰি দিছে৷

সেই অনুসৰিয়েই বিগত সময়ছোৱাত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অধ্যক্ষ আৰু মন্ত্রী চন্দন ব্রহ্মক আহ্বায়ক হিচাপে লৈ গঠিত মন্ত্রীগোট মণ্ডলীয়ে সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ প্রতিনিধি আৰু বর্তমানৰ জনজাতি নেতৃত্বৰ সৈতে কেইবালানি আলোচনাত মিলিত হয়৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, সেই সকলো দিশ অধ্যয়নৰ অন্তত ছয় জনগোষ্ঠীক বর্তমানৰ জনজাতিসকলৰ অধিকাৰৰ কোনো ক্ষয়–ক্ষতি নোহোৱাকৈ এছ টি (এন) হিচাপে জনজাতিৰ মর্যাদা দিয়াৰ চিন্তা–চর্চা কৰিছে৷ অ’ বি চিৰ বাবে সংৰক্ষিত ২৭ শতাংশৰ পৰাই এছ টি (এন)ৰ সংৰক্ষণৰ হাৰ চূড়ান্ত কৰিব৷ ইয়াৰ বাবে ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিবক ৰাজ্যখনত বসবাস কৰা অ’ বি চিৰ জনগোষ্ঠী অনুসৰি জনসংখ্যাৰ তথ্য সংগ্রহৰ নির্দেশ দিছে৷ এই সমস্ত তথ্য আহৰণৰ পাছতেই স্পষ্ট হৈ পৰিব এছ টি (এন)ৰ বাবে কিমান শতাংশ সংৰক্ষিত হ’ব আৰু কিমান শতাংশ অ’ বি চিৰ বাবে থাকিব৷

আনহাতে, মন্ত্রীগোট মণ্ডলীৰ সৈতে হোৱা বৈঠকত ৰাজ্যখনৰ ৬খন স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বই ৬টাকৈ গুৰুত্বপূর্ণ দাবী উত্থাপন কৰে৷ সেই দাবীসমূহ হৈছে– বর্তমানৰ জনজাতিসকলৰ অধিকাৰ আৰু মর্যাদা সুৰক্ষিত ৰাখিহে ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিয়া, ছয় জনগোষ্ঠীৰ সংৰক্ষণ সম্পূর্ণৰূপে বর্তমানৰ জনজাতিৰ সংৰক্ষণৰ পৰা নিলগাই ৰখা, ৬ স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনত অকল বর্তমানৰ জনজাতিৰহে প্রতিদ্বন্দ্বিতা কৰাৰ ব্যৱস্থা অক্ষুণ্ণ ৰখা অর্থাৎ ছয় জনগোষ্ঠীৰ প্রতিনিধিৰ অংশগ্রহণ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰা, বর্তমানৰ ট্রাইবেল বেল্ট আৰু ব্লকৰ ওপৰত কোনোধৰণৰ ক্ষতি নোহোৱা, মিচিং–তিৱা–ৰাভা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীৰ অধীনত অন্তর্ভুক্ত কৰা৷ অনুৰূপ ধৰণে কো–র্ডিনেচন কমিটী অৱ ট্রাইবেল অর্গেনাইজেচনছ অৱ আছামৰ প্রতিনিধিয়েও মন্ত্রীগোট মণ্ডলীৰ বৈঠকত বর্তমানৰ জনজাতিসকলে ভোগ কৰি অহা অধিকাৰ আৰু সুবিধাসমূহ ক্ষতিগ্রস্ত নোহোৱাকৈহে ছয় জনগোষ্ঠীক জনজাতিৰ মর্যাদা প্রদানৰ দাবী উত্থাপন কৰে৷ তেওঁলোকে ৰাজ্যখনৰ ৬ স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্রত বর্তমানৰ জনজাতি (ভৈয়াম)ৰ অধিকাৰ সুৰক্ষিত ৰখাৰ সজোৰে দাবী জনায়৷ বিটিচিৰ ক্ষেত্রতো বর্তমানৰ সকলো আসন যিদৰে সংৰক্ষিত হৈ আছে, একেদৰে সংৰক্ষিত ৰখাৰ দাবী জনায়৷

ইয়াৰ পৰিপ্রেক্ষিততে চৰকাৰে আটাইৰে আৱেগ–নুভূতিৰ প্রতি লক্ষ্য ৰাখি ছয় জনগোষ্ঠীক এছ টি (এন) হিচাপে জনজাতিৰ মর্যাদা দিয়াৰ পোষকতা কৰি কার্যক্ষেত্রত অগ্রসৰ হৈছে৷ মন্ত্রীগোট মণ্ডলীৰ অন্তিমখন বৈঠকত বিষয়টোৱে আনুষ্ঠানিকভাৱে চূড়ান্ত ৰূপ পাব বুলি ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ সূত্রটোৱে জানিবলৈ দিয়ে৷ ৰাজ্য চৰকাৰৰ পৰা কেন্দ্রলৈ সেই প্রতিবেদন যোৱাৰ পাছতেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চূড়ান্ত ৰূপত কেন্দ্রীয় চৰকাৰৰ আওতালৈ যাব৷

You might also like