নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈৰ পশ্চিমবোলাত দৌল মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ পূব, পশ্চিম বোলা আৰু বৰালিমাৰীৰ ভক্তবৃন্দৰ সৌজন্যত পশ্চিম বোলা সাৰ্বজনীন দৌল মন্দিৰত ২৮ আৰু ২৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ বাৰ্ষিক দৌল মহোৎসৱ অনুষ্ঠিত হ’ব।

এই মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰদলৈ আৰু সম্পাদক কণ্টকৰাম পাতৰৰ পৰা জানিব পৰা মতে, ২৮ মাৰ্চৰ কাৰ্যসূচীত আছে পুৱা ৬ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত শৰাই অৰ্চন কৰিব সাৰ্বজনীন দৌল মন্দিৰৰ নামঘৰীয়া চিৰিমণি বৰদলৈ, ৮ বজাত পণ্ডিত কোঁৱৰ ও সংগীবৃন্দৰ নাম প্ৰসংগ, ১০ বজাৰ পৰা ভাগৱত পাঠ।

সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত নাম প্ৰসংগ আৰু নিশা ১০ বজাৰ পৰা আইসকলৰ দিহানাম। ২৯ মাৰ্চৰ কাৰ্যসূচীত আছে পুৱা ৭ বজাত শৰাই অৰ্চন কৰিব কুণ্টল বৰদলৈ, ৮ বজাত পণ্ডিত কোঁৱৰ ও সঙ্গীবৃন্দৰ নাম প্ৰসংগ । ১০ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব দৌল মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰদলৈয়ে ।

দিনৰ ১১ বজাত ভাগৱত ভ্ৰমণ। নিশা ১০ বজাত অনুষ্ঠিত হ’ব পূব পশ্চিম বোলা যুৱক সংঘৰ পৰিচালনাত সামাজিক নাটক “আভিমানী বন্ধু “। প্ৰতি বছৰৰ দৰে এইবাৰো মহোৎসৱ পৰিচালনা সমিতিয়ে অঞ্চলটোৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে।

You might also like