নগাঁৱত মুকলি হ’ল অত্যাধুনিক ডি বি এম হাস্পতালত এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউটত
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: মধ্য অসমৰ চিকিৎসা সেৱা ক্ষেত্ৰত নৱতম সংযোজন হ’ল এখন অত্যাধুনিক সা-সুবিধাযুক্ত ডি বি এম হাস্পতাল এণ্ড ৰিছাৰ্ছ ইনষ্টিটিউট৷ আজি পুৱা নগাঁৱৰ বৰবজাৰত ডি বি এম নামৰ হাস্পতালৰ মাংগলিক কাৰ্যৰে শুভাৰম্ভ কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ বিৰিঞ্চি কুমাৰ বৰাই ৷ নৱনিৰ্মীত হাস্পতালখনৰ অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰে নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্তই ৷ আই চি ইউ কক্ষ মুকলি কৰে অৱসৰপ্ৰাপ্ত অতিৰিক্ত স্বাস্থ্য সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰে ৷ এক্সৰে,আল্ট্ৰাচাউণ্ড,লেবৰটৰি মুকলি কৰে ডাঃ অপূৰ্ব কুমাৰ শৰ্মাই ৷ এণ্ডস্কপি কক্ষ মুকলি কৰে ডাঃ মুকুট গোস্বামীয়ে ৷ ডায়েলাইছিচ কক্ষ মুকলি কৰে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ কৃষ্ণ কুমাৰ বৰাই ৷ ডি বি এম হাস্পতালত এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউটৰ স্বতাধিকাৰী তথা বিশিষ্ট সমাজ সেৱক ডাঃ দূৰ্ল্লভ চমুৱাই আতঁধৰা অনুষ্ঠানটিত বিশিষ্টা সমাজকৰ্মী দিপীকা চমুৱা,ডাঃ বিশাখা চমুৱা,ডাঃ ৰঞ্জিত শইকীয়া,অভিযন্তা বিক্ৰমজিৎ চহৰীয়া, ডাঃ নয়নজ্যোতি শইকীয়া,মল্লিকা চমুৱা,সমাজসেৱক ভূৱন হাজৰিকা,মঃ চাহাবুদ্দিনকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ যে,ডি বি এম হাস্পতাল এণ্ড ৰিৰ্ছাজ ইনষ্টিটিউট খনত আই চি ইউ কক্ষত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক সা-সুবিধাযুক্ত যন্ত্ৰাশয় ৷ যাৰ দ্বাৰা নগাঁও বাসী ৰাইজ ৰাজ্যৰ বাহিৰলৈ নোযোৱালৈকেয়ে সকলো প্ৰকাৰৰ ৰোগৰ পৰীক্ষা আদি কৰিবলৈ সুবিধা লাভ কৰিব ৷