নতুন দিল্লীত উপায়ুক্ত বৰ্ণালী ডেকাই গ্ৰহণ কৰিলে ৰাষ্ট্ৰীয় জল বঁটা
গোৱালপাৰাৰ তদানীন্তন উপায়ুক্ত বৰ্নালী ডেকাই আজি নতুন দিল্লীৰ এক অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰাম নাথ কভিন্দৰ পৰা গ্ৰহন কৰে National Water award ৷ ৰাষ্ট্ৰীয় জলশক্তি দপ্তৰৰ পৰা প্ৰদান কৰা পানী সংৰক্ষণৰ ক্ষেত্ৰত কৰা কামৰ প্ৰদান কৰা হৈছে এই সন্মান ৷ উত্তৰ পূৱাঞ্চলৰ ভিতৰত গোৱালপাৰা জিলাই শ্ৰেষ্ঠ জিলা হিচাপে এই সন্মান লাভ কৰিছে ৷ তদানীন্তন গোৱালপাৰাৰ উপায়ুক্ত হিচাপে বৰ্ণালী ডেকালৈ আগবঢ়োৱা হৈছে Water Warrior বঁটা ।
উল্লেখ্য যে গোৱালপাৰাত জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বিশেষকৈ ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰা ২০২১ বৰ্ষৰ জানুৱাৰী মাহৰ কালছোৱাত বৰষুণৰ পানী সংৰক্ষণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ পানী যোগান আঁচনিৰ সফল ৰূপায়ণ কৰাত নেতৃত্ব বহন কৰিছিল তদানীন্তন উপায়ুক্ত বৰ্ণালী ডেকাই ৷ ইফালে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গোৱালপাৰা জিলাখনক এই সন্মান দিয়া বাবে তদানীন্তন উপায়ুক্তগৰাকীক ধন্যবাদ জনাইছে জিলাবাসীয়ে ৷ উল্লেখ্য যে বৰ্নালী ডেকা বৰ্তমান কোকৰাঝাৰৰ জিলা উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।