নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোৱণশিৰিত ৩ যুৱকৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ বৃহস্পতিবাৰে বিয়লি লখিমপুৰত এক শোকাৱহ ঘটনা সংঘটিত হয়৷ সোৱণশিৰি নৈত গা ধুবলৈ গৈ তিনিজন যুৱকৰ সলিল সমাধি ঘটে৷ এই যুৱককেইজন হ’ল লখিমপুৰ নগৰৰ দাঁতিৰ মৈদমীয়াৰ ছাজাদুল ইছলাম, মামুদ হাছান আৰু আন্নান হুছেইন৷ আন সাতজন যুৱকৰ সৈতে এই তিনিজন যুৱকে কালি বিয়লি সোৱণশিৰি নৈত গা ধুবলৈ যায়৷ বধাকৰাৰ সমীপৰ হাতীয়েমৰা ঘাটত তেওঁলোকে গা ধুবলৈ নৈত নামে৷ কিন্তু আন্নান আৰু ছাজাদুলক নৈৰ কোবাল সোঁতে উটুৱাই লৈ যায়৷ পাৰৰ পৰা এই দৃশ্য দেখি উদ্ধাৰৰ বাবে মামুদো নৈত নামে যদিও তেওঁকো সোঁতে উটুৱাই লৈ যায়৷ এই ঘটনাত স্থানীয় ৰাইজ, এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই আন্নান আৰু মামুদৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ছাজাদুলৰ মৃতদেহ উদ্ধাৰ হোৱা নাই৷ সন্ধিয়া পর্যন্ত অভিযান চলায়ো ছাজাদুলৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷ এই ঘটনাই শোকৰ বন্যা বোৱাইছে মৈদমীয়া অঞ্চলত৷ ত্রিশ বছৰৰো তলৰ তিনিজনকৈ যুৱকৰ এনেদৰে সলিল সমাধি ঘটা শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ বন্যা বোবাইছে৷

You might also like