নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো গ্ৰন্থমেলাৰ বাকৰিত সদৌ অসম ভিত্তিত মুকলি তৰ্ক প্ৰতিযোগিতা সম্পন্ন

  •   তৰ্কৰ বিষয় – ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে (NEP 2020 ) ছাত্ৰ-ছাত্ৰীৰ সাৰ্বিক বিকাশত সহায় কৰিব।

নিয়মীয়া বাৰ্তা ; ৫ মে’ – ” গ্ৰন্থ জীৱনৰ বাবে গ্ৰন্থ পোহৰৰ বাবে ” শীৰ্ষক বাণীৰে কামৰূপ জিলাৰ বকোত আয়োজন কৰা সপ্তদশ বৰ্ষৰ বকো গ্ৰন্থমেলাৰ বাকৰিত আজি এক বিশেষ ভংগীৰ তৰ্ক প্ৰতিযোগিতা সম্পন্ন হয়। বকো গ্ৰন্থমেলাৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱাৰ ভাগত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত চিত্ৰাংকন প্ৰতিযোগিতা আৰু শিল্পী তথা কবি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ” সৌ আকাশত নীহাৰিকা উৰে ” শীৰ্ষক কবিতা আবৃত্তি প্ৰতিযোগিতা। উল্লেখ্য যে ; অন্তৰঙ্গ বকো আৰু বকো সাহিত্য সভাৰ উদ্যোগত এই বেলি সপ্তদশ বৰ্ষৰ বকো গ্ৰন্থমেলা যোৱা ৪ মে’ৰ পৰা আৰম্ভ হৈছে আৰু ৭ মে’ত সামৰণি পৰিব।কালিৰে পৰা আৰম্ভ হোৱা বকো গ্ৰন্থমেলাৰ বাকৰিত আজি অনুষ্ঠিত হয় মুকলি তৰ্ক প্ৰতিযোগিতা। মুকলি তৰ্ক প্ৰতিযোগিতাৰ বিষয় বস্তু আছিল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ( NEP -2020) ছাত্ৰ ছাত্ৰীৰ সাৰ্বিক বিকাশত সহায় কৰিব। এই তৰ্ক প্ৰতিযোগিতাত সোপক্ষ আৰু বিপক্ষৰ মুঠ ছাব্বিশ গৰাকী তাৰ্কিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত বিষয় বস্তূৰ ওপৰত আলোকপাত কৰি দুয়োটা পক্ষই যুক্তি যুক্তিতা দাঙি ধৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীৰ সাৰ্বিক বিকাশত সহায় কৰিব বা নকৰিব এই ক্ষেত্ৰত চৰকাৰৰ সময়োচিত কাৰ্য্যকৰীকৰণৰ ওপৰত নিৰ্ভৰ কৰিব। ইফালে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিপক্ষে যুক্তি দৰ্শোৱা পক্ষ্যক অধিক সমৰ্থন কৰে আজিৰ সদনে। তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে তাৰ্কিক তথা সাংবাদিক বিজিত কলিতা ; পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ কলিতা আৰু কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড : নুৰুল ইছলাম শইকীয়াই। শিক্ষাবিদ ড: গণেশ্বৰ চহৰীয়াই সঞ্চালনা কৰা তৰ্ক প্ৰতিযোগিতাত শ্ৰেষ্ঠ্য তাৰ্কিক হিচাপে মনোনীত হয় অঞ্জুমান ভৰদ্বাজ আৰু শোনিত শৰ্মা। ইয়াৰ পিছতে গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট শিক্ষাবিদ কবি সাহিত্যিক ডা: শৰৎচন্দ্ৰ ৰাভাই উদ্ধোধন কৰা হয় কবি আৰু কবিতাৰ অনুস্থান। কবি আৰু কবিতাৰ অনুস্থানত প্ৰায় কুৰি গৰাকী উদিয়মান কবিয়ে অংশগ্ৰহণ কৰি স্ব-ৰচিত কবিতা পাঠ কৰে। কবি আৰু কবিতাৰ অনুস্থান খন সঞ্চালনা কৰে নতুন প্ৰজন্মৰ বিশিষ্ট কবি প্ৰভাত চন্দ্ৰ দাসে। ইফালে আবেলি পৰত বিয়ানাম গোৱা প্ৰতিযোগিতা আৰু সন্ধিয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হয়।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like