নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জি-২০ সন্মিলনক লৈ নিৰাপত্তাৰ অভেদ্য দুর্গত পৰিণত দিল্লী

বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ভাৰত অনুষ্ঠিত জি–২০ সন্মিলনক লৈ অপৰূপ হৈ উঠিছে ৰাজধানী দিল্লী। কাইলৈৰ পৰা দিল্লীত দুদিনীয়াকৈ জি–২০ শীর্ষ সন্মিলন৷ জি–২০ সদস্য ৰাষ্ট্রৰ প্রতিনিধিৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্রৰ মুৰব্বীক আদৰিবলৈ ৰাজধানী দিল্লীত ভাৰতীয় সংস্কৃতি শিল্প–ঐতিহ্যৰে সজাই তোলা হৈছে৷ বছৰজোৰা ভাৰতৰ অধ্যক্ষতাত আয়োজিত হৈ থকা জি–২০ৰ বিভিন্ন বৈঠকৰ অন্তত কাইলৈৰ পৰা ১০ ছেপ্টেম্বৰলৈ দিল্লীত অনুষ্ঠিত হ’ব জি–২০ শীর্ষ সন্মিলন৷ বিশ্বৰ ২০খন অর্থনৈতিকভাৱে শক্তিশালী ৰাষ্ট্রৰ লগতে নিমন্ত্রিত হিচাপে অংশ ল’বলগীয়া ৰাষ্ট্রৰ মুৰব্বীয়ে নতুন দিল্লীলৈ আগমন ঘটাৰ প্রাক্মুহূর্তত ৰাজধানী চহৰখন নিৰাপত্তাৰ অভেদ্য দুর্গত পৰিণত হৈছে৷ ৰাজধানী চহৰখনৰ বাট–পথ দেশৰ ঐতিহ্যৰ লগতে জি–২০ৰ থিমেৰে সজাই তোলা হৈছে৷ জি–২০ সন্মিলনত অংশগ্রহণৰ বাবে কাইলৈ বিশ্বৰ দেশসমূহৰ মুৰব্বীসকল ৰাজধানী চহৰখনলৈ আগমন ঘটাৰ প্রতি লক্ষ্য ৰাখি শৈক্ষিক প্রতিষ্ঠানৰ পৰা চৰকাৰী কার্যালয়লৈকে বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজধানী চহৰখনৰ মূল পথসমূহত যান–বাহন চলাচলত প্রতিবন্ধকতা জাৰি কৰা হৈছে৷  ভাৰত মণ্ডপত বিশ্বৰ বিভিন্ন দেশৰ মুৰব্বীৰ লগতে আমন্ত্রিত প্রতিনিধিক আদৰণি জনাব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ইয়াৰ পূর্বে নতুন দিল্লীত জি–২০ সন্মিলনত অংশ ল’বলৈ উপস্থিত হোৱা বিদেশী নেতাসকলক আদৰিবলৈ কেন্দ্রীয় মন্ত্রীসকলক পৃথকে পৃথকে দায়িত্ব দিয়া হৈছে৷ বিশ্বৰ শক্তিশালী দেশৰ নেতাসকলক আতিথ্য প্রদান কৰিবলৈ বিলাসী আৰু সুৰক্ষিত হোটেলসমূহ ইতিমধ্যে বুকিং কৰি নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ কাইলৈৰ পৰা নতুন দিল্লী বিমানবন্দৰত বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা ৰাষ্ট্রৰ মুৰব্বীসকলক আদৰণি জনাবলৈ বিমানবন্দৰত বিশেষ গেট স্থাপন কৰা হৈছে আৰু এই গেটত কোনো ধৰণৰ নিৰীক্ষণ কৰা নহ’ব৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এন্থনী আলবানিজ বিমানবন্দৰত আদৰণি জনায় কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰাজীৱ চন্দ্রশেখৰে৷ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাক আদৰণি জনায় কেন্দ্রীয় ৰাজ্যিক মন্ত্রী দর্শন জার্দোছে৷ আনপিনে জাপানৰ প্রধানমন্ত্রী ফুমি’ কিশ্বিদাকো ভাৰতলৈ আদৰণি জনায় মন্ত্রী অশ্বিনী চৌবেই৷ আনহাতে ইটালীৰ প্রধানমন্ত্রী জি’জির্য়া মেলনিক কেন্দ্রীয় ৰাজ্যিক মন্ত্রী শোভা কাৰাডলাজে, চীনৰ প্রধানমন্ত্রী লি কিয়াঙক কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ভি কে সিং, ইউএইৰ ৰাষ্ট্রপতি এইচ এইচ শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানক কেন্দ্রীয় ৰাজ্যিক গৃহমন্ত্রী নিত্যানন্দ ৰায়, জার্মানী আৰু ফ্রান্সৰ মুৰব্বীক আদৰণি জনায় কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ভানু প্রতাপ সিং বার্মাই৷ ব্রিটেইনৰ প্রধানমন্ত্রী ঋষি চুনাকক নতুন দিল্লীৰ বিমান বন্দৰত আদৰণি জনায় কেন্দ্রীয় ৰাজ্যিক মন্ত্রী অশ্বিনী চৌবেই৷ ব্রিটেইনৰ প্রধানমন্ত্রী হিচাপে প্রথমবাৰলৈ ভাৰত ভ্রমণলৈ অহা প্রধানমন্ত্রী ঋষি ছুনাকৰ সৈতে পত্নী অক্ষতা মূর্তিও আহিছে৷ ভাৰতীয় পৰম্পৰাগত সাজ–সজ্জাৰ মিশ্রণৰ পোছাক পৰিহিত ভাৰতীয় অক্ষতা মূর্তিৰ সৈতে ঋষি ছুনাক বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতেই ভাৰতীয় জোঁৱাই বুলি অনেকে মন্তব্য কৰে৷ এই মন্তব্যক লৈ প্রধানমন্ত্রী ছুনাকে সন্তুষ্টি ব্যক্ত কৰে৷ প্রথমবাৰৰ বাবে ভাৰত ভ্রমণলৈ অহা ঋষি ছুনাকক ৰুদ্রাক্ষ, ভাগৱত গীতা আৰু হনুমান চালিচাৰ কপি উপহাৰ হিচাপে আগবঢ়াই আদৰণি জনায় মন্ত্রী চৌবেই৷ ৰাজধানী দিল্লীত উপস্থিত হৈছে দক্ষিণ আফ্রিকাৰ ৰাষ্ট্রপতি ছিৰিল ৰামফ’ছা, ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছ, ৰাছিয়াৰ বৈদেশিক মন্ত্রী ছের্গেই লেভৰভ৷ একেদৰে জি–২০ সন্মিলনত অংশ ল’বলৈ অহা দেশসমূহৰ প্রতিনিধিক আদৰণিৰ দায়িত্ব দিয়া হৈছে কেন্দ্রীয় মন্ত্রীগণক৷ উল্লেখ্য যে ভাৰতে জি–২০ৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছতে বিগত বর্ষৰ পৰা দেশৰ বিভিন্ন প্রান্তত জি–২০ৰ বিষয়ভিত্তিক বৈঠক অনুষ্ঠিত কৰিছে৷ জি–২০ দেশকেইখন হৈছে আর্জেণ্টিনা, অষ্ট্রেলিয়া, ব্রাজিল, কানাডা, চীন, ফ্রান্স, জার্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, ৰিপাব্লিক অৱ কোৰিয়া, মেক্সিকো ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্রিকা, তুৰস্ক, গ্রেট ব্রিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে ইউৰোপীয় সংঘ৷ জি–২০ দেশৰ সদস্য ৰাষ্ট্রৰ মুৰব্বীসকলৰ লগতে কেইবাখনো নিমন্ত্রিত ৰাষ্ট্রৰ প্রতিনিধিৰ নতুন দিল্লীলৈ আগমন ঘটিছে৷

You might also like