নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী ধুমুহাত তচনচ দক্ষিণ যোৰহাট

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ পাঁচ ছেপ্তেম্বৰৰ শেহ নিশা অহা ধুমুহাজাকে তচনচ কৰি থৈ যোৱাৰ পাছত ৰাইজে ককাল পোনাবলৈ নৌ পাওঁতেই আজি অহা এজাক বিধ্বংসী ধুমুহাই পুনৰ দক্ষিন যোৰহাটৰ বিভিন্ন অঞ্চলত ধংসলীলা চলায়। বিয়লী প্ৰায় পাঁচ বজাত প্ৰচণ্ড বেগত অহা ধুমুহাজাকে পুখুৰীয়া, ডেকাগাঁও, ঘৰফলীয়া,কাটনীপাৰ, চৈকটা বাগিছাৰ ৩ নংলাইন, গজপুৰীয়া, কুকুৰাপহীয়া, ৰঙাজান গাঁও, হাতিচুঙী কমাৰ আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে। বিদ্যুতৰ খুটা উভালি পেলোৱাৰ ফলত বিদ্যুত সংযোগ ব্যাহত হোৱাৰ লগতে বহুস্থানত পথৰ ওপৰত গছ বাগৰি পৰি যাতায়ত ব্যৱস্থাও বাধাগ্ৰস্ত হৈছে। জানিব পৰা মতে দুদিন পূৰ্বে অহা ধুমুহাত ক্ষতিগ্ৰস্তহোৱা বহুকেইগৰাকী লোকে মেৰামতী কৰি লোৱা বাসগৃহ সমূহ পুনৰ ধুমুহাই ভাঙি থৈ যোৱাত সেইসকলৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈছে। বহুকেইগৰাকী খেতিয়কৰ ধানৰ ভঁৰাল ভাঙি পেলাই আৰু ধুমুহাৰ সমান্তৰালভাৱে অহা বৰষুণত ধান তিতি যোৱাত সেইসকললোৰ ভৱিষ্যত অন্ধকাৰাছন্ন হৈ পৰিছে। উল্লেখিত অঞ্চলসমূহত শতাধিক লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জনা গৈছে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like