ঢকুৱাখনাৰ মঘোৱাচুকৰ ৰাইজে দেখুৱাইছে পক্ষীপ্ৰেমৰ অনন্য নিদৰ্শন
জাক জাক দুস্প্ৰাপ্য পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ মৰা সোৱণশিৰিৰ এটা জলাশয়
নিয়মীয়া বাৰ্তা,৫ ফেব্ৰুৱাৰী-ভাৰতীয় সংস্কৃতিত প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা চাকৈ-চকোৱা পক্ষীৰ নিগাজি আশ্রয়স্থলী হৈ পৰিছে ঢকুৱাখনাৰ এটা জলাশয়। মনোমোহা প্ৰাকৃতিক পৰিৱেশত বিভিন্ন জাক-জাক দেশী-বিদেশী দুস্প্ৰাপ্য পৰিভ্ৰমী পক্ষীৰ লগতে লগতে চাকৈ চকুৱা চৰাইৰ স্থায়ী বসতিস্থল হিচাপে পৰিণত হৈছে জলাশয়তো।ঢকুৱাখনা নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত বৰ্ষামুখ পঞ্চায়তৰ মঘোৱাচুকত মৰা সোৱণশিৰিৰ বিশাল জলাশয়টো এতিয়া হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই।এক দৃষ্টিনন্দন পৰিৱেশৰ সূচনা হৈছে এনে পৰিভ্ৰমী চৰাইৰ বিচৰণেৰে।
যোৰা পাতি থকা বিশেষত্বৰ বাবে বিখ্যাত চাকৈ-চকুৱা চৰাইবিধৰ জলকেলী আৰু কোলাহলে সমগ্র অঞ্চলটোত নান্দনিক পৰিৱেশৰ সূচনা কৰিছে ।গাঁওবাসীয়ে জনোৱা অনুসৰি ২০১৪ চনৰে পৰা জলাশয়টোলৈ একাদিক্ৰমে আহি আছে পক্ষী সমূহ।এইবাৰো তাৰ কোনো ব্যতিক্ৰম নোহোৱাকৈ সকলোকে আচৰিত কৰি জলাশটোলৈ হেজাৰ হেজাৰ চাকৈ চকুৱা চৰাইৰ আগমন ঘটাত গাঁওবাখিও উৎফুল্লিত হৈ পৰিছে।এফালে মৰা সোৱণশিৰি পাৰৰ মনোৰম পৰিৱেশ আৰু আনফালে নীলা আকাশত উৰি থকা জাক জাক চাকৈ চকুৱা ,ঘিলাহাঁহ,কামচৰাই,শামুকভঙাকে ধৰি বহু পৰিভ্ৰমী পক্ষীৰ কলৰৱ।
মন কৰিবলগীয়া যে পৰিভ্ৰমী চৰাইৰ জাকটোৰ সৈতে গাওঁখনৰ ৰাইজৰো গঢ়ি উঠিছে এক নিবিৰ সম্পৰ্ক।গাওঁখনৰ ৰাইজে আদৰ যত্ন লয় চৰাইৰ খিনিৰ। প্ৰকৃতি সংৰক্ষণেৰ আদৰ্শ দেখুৱাই অহা গাঁওবাসীয়ে জলাশয়টোলৈ অহা পক্ষীকূলৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ২০১৪ চনৰে পৰা পালপাতি পহৰাৰ ব্যৱস্থা কৰিও আহিছে ।প্ৰকৃতি আৰু পক্ষীকুলৰ প্ৰতি গাওঁখনৰ ৰাইজৰ থকা মৰম আৰু আদৰ যত্নৰ বাবেই জলাশয়টোত মুক্ত মনে বিচৰন কৰে চৰাইবোৰে।