ঢালিগাঁৱৰ বৰতালোৱাত নাবালিকা ধৰ্ষণ; গ্ৰেপ্তাৰ ১-পলাতক ১
নিয়মীয়া বাৰ্তা, ১৭ জুন: চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ গাতে লাগি থকা বৰতালোৱা গাঁৱত পুনৰ মানৱ সমাজক লজ্জিত কৰা ঘটনা সংঘটিত হৈছে । এগৰাকী নাবালিকাক দুই নৰপিশাচে পৃথকে যৌন নিৰ্যাতন চলাই বলাৎকাৰ কৰা ঘটনা পলমকৈ পোহৰলৈ অহাত বৃহত্তৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ।
নাবালিকা গৰাকীৰ পৰিয়ালে ঢালিগাঁও থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ঢালিগাঁও আৰক্ষীয়ে ১৩০/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰে। গোচৰ ৰুজু কৰাৰ লগে লগে ঢালিগাঁও আৰক্ষীয়ে অভিযুক্ত দুজনক আটক কৰিবলৈ অভিযান চলাই এজন অপৰাধীক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আনজনে পলায়ণ কৰিবলৈ সক্ষম হয় ।
ঢালিগাঁও থানাত যৌন নিৰ্যাতন তথা প’কছো আইনৰ 376(3)/POCSO-6 ধাৰাত ৰুজু কৰা গোচৰ মৰ্মে গ্ৰেপ্তাৰ কৰা বলাৎকাৰী জনক বৰতালোৱা নিবাসী নূৰ বাদছাহ শ্বেখ(৫০), পিতা-কেনা শ্বেখ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আনজন পলাতক বলাৎকাৰীক একেখন গাঁৱৰে বাসিন্দা ফকৰুদ্দিন আলী(৪৫, প্ৰাক্তন সেনা), পিতা-হাছেন আলী বুলি জানিব পৰা গৈছে । ভুক্তভোগী পৰিয়ালে দাখিল কৰা এজাহাৰ মৰ্মে যোৱা ২৩ মে’ত অভিযুক্ত ফকৰুদ্দিন আলীয়ে দিনৰ প্ৰায় ১১ বজাত প্ৰথমে নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলাই বলাৎকাৰ কৰে। অজ্ঞাত কাৰণত উক্ত ঘটনাটো পৰিয়ালৰ দৃষ্টিগোচৰ নোহোৱাকৈ থাকি যায় ।
যোৱা ১৪ জুনত দ্বিতীয় বাৰৰ বাবে নাবালিকা গৰাকী নূৰ বাদছাহ শ্বেখৰ কামনাৰ বলি হয়। ১৪ জুনৰ বিয়লি ৪ বজাত নাবালিকা গৰাকীয়ে সমনীয়াৰ সৈতে উমলি থকা সময়ত অভিযুক্ত নূৰ বাদছাহে তাইক ফুচুলাই মাতি নি যৌন নিৰ্যাতন চলাই বলাৎকাৰ কাণ্ড সংঘটিত কৰে। তৃতীয় শ্ৰেণীত অধ্যয়নৰত কণমানি জনীক ভাবুকি প্ৰদান কৰা বাবে ঘটনাটো প্ৰথমতে পোহৰলৈ অহা নাছিল । পাছত মুখবাগৰি ঘটনাৰ বিষয়ে পৰিয়াল জ্ঞাত হৈ থানাত এজাহাৰ দাখিল কৰে।
নাবালিকাৰ পৰিয়ালৰ অভিযোগ মৰ্মে অভিযুক্ত নূৰ বাদছাহ শ্বেখক ঢালিগাঁও আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত নূৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অঞ্চলটোৰ বিভিন্ন স্থানত মাজে সময়ে এইধৰণৰ অপৰাধ সংঘটিত হৈ আহিছে । যোৱা বৰ্ষৰ ১৫ আগষ্টত বৰতালোৱাস্থিত ফ্লাইঅ’ভাৰৰ ওপৰত এগৰাকী নাবালিকাক গাড়ীৰ ভিতৰত বলৎকাৰ কাণ্ড সংঘটিত কৰা অভিযুক্ত পলায়ন কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ঢালিগাঁও আৰক্ষীয়ে অভিযুক্তৰ পিতৃ তথা গাড়ীৰ গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। পিছে ফ্লাইঅ’ভাৰ কাণ্ডত অভিযুক্ত উক্ত যুৱক জনৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই বিষয়ে বৰ্তমানেও অঞ্চল বাসী জ্ঞাত নহয় ।
একাংশ অপৰাধী পলাই সাৰিবলৈ সমৰ্থ হোৱা বাবেই এইবোৰ ঘটনাৰ পুনৰাবৃত্তি হয় বুলি অঞ্চলটোৰ সচেতন ৰাইজে ভাবিবলৈ বাধ্য হৈছে। চিৰাং জিলা সমিতি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ বসুমতাৰী আৰু আমছুৰ চিৰাং জিলা সমিতিৰ সভাপতি গুলজাৰ হুছেইন পাৰমাণিকে এই ঘৃণনীয় ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে অপৰাধীক উপায়ুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে । উল্লেখ্য যে এক বিশেষ সূত্ৰে জানিব পৰা মতে দুয়ো অভিযুক্ত এইধৰণৰ একাধিক কাণ্ডত জড়িত থকাৰ বিষয়ে অঞ্চলটোত সম্প্ৰতি সৰব চৰ্চা চলিছে ।
আন এক সূত্ৰই প্ৰকাশ কৰা মতে পলাতক নাবালিকা বলাৎকাৰী ফকৰুদ্দিন আলী অঞ্চলটোত নতুনকৈ স্থাপন কৰা এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ সৈতেও জড়িত । এইধৰণৰ মানসিকতাৰ লোক যদি একোখন শিক্ষানুষ্ঠানৰ সৈতে জড়িত থাকে, তেতিয়া হ’ল ছাত্ৰী সকলৰ সুৰক্ষাক লৈ অভিভাৱক সকল কেনেদৰে নিশ্চিন্ত হৈ থাকিব বুলিও প্ৰশ্ন উত্থাপন হৈছে ।।