ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত বোকাজান মহকুমাঃ শ শ বিঘা কৃষিভূমি ধনশিৰিৰ বুকুত বিলীন
- শ শ বিঘা কৃষিভূমি ধনশিৰিৰ বুকুত বিলীন
- গৰাখহনীয়া প্ৰতিৰোধৰ ৮.৬২ কোটিৰ দুখন আঁচনিৰ সঠিক ৰূপায়নৰ দাবী স্থানীয় ৰাইজৰ
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ প্ৰতিবছৰে ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই নদীকাষৰীয়া অঞ্চলৰ লোকসকললৈ চৰম বিপৰ্যয় মাতি অনাৰ লগতে বহু লোকৰ শ শ বিঘা মাটি ধনশিৰিৰ বুকুত জাহ গৈছে।বোকাজান মহকুমাৰ অন্তৰ্গত বেঙেনাবিল, মাজগাঁও, নাওকটা, আলুবাৰী, বেতমহল, ঘৰিয়াডুবি, বোকাজানৰ প্ৰতিমা বিসৰ্জনঘাট, টেঙাহোলা, দুইমাইল, ম’হখুটি, কঁঠালগুৰি, ভকতবিল, টিংলিজান, গাৰোবস্তি, নেপেৰপেট্ৰি, ডিলাওজান, লাংবৈ, চিনাডুবি, জপৰাজান, পাণবাৰী, ৰঙাগড়া, দেওপানী আদি অঞ্চলৰ বহুলোকৰ কৃষিভূমি ইতিমধ্যে ধনশিৰি নদীয়ে সামৰি লৈছে। বিশেষকৈ ভকতবিল অঞ্চলত বছৰ বছৰ ধৰি হোৱা ধনশিৰিৰ প্ৰবল গৰাখহনীয়াৰ ফলত শ শ বিঘা কৃষিভূমিৰ লগতে বহুলোকৰ আৱাসো ধনশিৰিৰ বুকুত বিলীন হৈ গৈছে। যাৰফলত উক্ত অঞ্চলৰ লোকসকলে তেওঁলোকৰ ঘৰ-বাৰীসমূহ নদীকাষৰীয়া অঞ্চলৰ পৰা তিনি-চাৰি বছৰৰ মূৰে মূৰে পিছুৱাই আনিবলগীয়া হোৱাৰ লগতে হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ। বিগত বৰ্ষসমূহৰ দৰে মহকুমাটোত বৰ্তমানো এই ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়া অব্যাহত আছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যিক পুঁজিৰ অধীনত বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নেপেৰপেট্ৰিত ধনশিৰি নদীৰ ৯৮০ মিটাৰ দৈঘ্যৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এছঅ’পিডি আঁচনিৰ অধীনত ৭ কোটি ৫২ লাখ টকাৰ আবণ্টন দিছিল আৰু এই কাম লাভ কৰিছে নগাঁৱৰ এছ কে এফ (জে ভি) ছৌইব খান আৰু মেছাৰ্ছ এম পি আগৰৱালাই। একেদৰে দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ননকে বস্তি অঞ্চলটো ধনশিৰি নদীৰ ১০২ মিটাৰ দৈঘ্যৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এছডিআৰএফ আঁচনিৰ অধীনত ১ কোটি ১০ লাখ টকাৰ আবণ্টন দিছিল আৰু এই কাম লাভ কৰিছে পুলিন বৰগোঁহাই।

আনহাতে বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘৰিয়ালডুবি অঞ্চলতো বিগত বৰ্ষ সমূহৰ দৰে এইবাৰৰ বাৰিষাটো ধনশিৰি নদীৰ গৰাখহনীয়াই কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ বাসিন্দা ক্ৰমে মুন্না চাহা, ৰাজেন্দ্ৰ মাহাত’, প্ৰভু চাহা, মহম্মদ হাবিব, চনু চোনাৰ আৰু মহম্মদ লটিবৰ ঘৰকেইটা কিছুদিনৰ পূৰ্বে খৰস্ৰোতা নদীখনৰ গৰাখহনীয়াত নদীৰ বুকুত বিলীন হৈ পৰাত পৰিয়ালকেইটাই ঘৰ-ভেটি হেৰুৱাই উপাই বিহীন হৈ স্থানীয় বিধায়ক ডাঃ নোমল ম’মিন আৰু বোকাজান মহকুমাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ তেওঁলোকৰ পৰিয়ালকেইটাক জলসিঞ্চন বিভাগৰ কোনো সুৰক্ষিত ঠাইত অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিবলৈ পৃথকে পৃথকে একোখনকৈ আবেদন পত্ৰ দিয়ে। বিধায়কগৰাকীয়ে ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন পত্ৰখন বোকাজান মহকুমাধিপতিলৈ প্ৰেৰণ কৰাত মহকুমাধিপতিগৰাকীয়ে পি এইচ ইৰ চৌহদতে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে স্বতন্ত্ৰভাৱে পৰিচালনা কৰা ৩০ টা বিভাগৰ ভিতৰত অন্যতম এটা বিভাগ হৈছে জলসম্পদ বিভাগ। ঘৰিয়ালডুবি অঞ্চলৰ ধনশিৰিৰ গৰাখহনীয়াত ভোক্তভোগী ৰাইজে অতি ক্ষোভেৰে কয় যে পৰিষদৰ অধীনত বিয়াগোম জলসম্পদ বিভাগটো আছে যদিও স্বায়ত্ব শাসিত পৰিষদ, বিভাগীয় কাৰ্যবাহী সদস্য, বোকাজানৰ পৰিষদীয় সদস্য অথবা স্থানীয় বিধায়ক কোনোৱেই অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱলমাত্ৰ বোকাজান নগৰখনৰ কিছু বাট-পথৰ উন্নয়নেই বোকাজান পৰিষদীয় সমষ্টিৰ উন্নয়ন নহয় বুলিও কটাক্ষ কৰে ভোক্তভোগী ৰাইজে। গতিকে স্বায়ত্ব শাসিত পৰিষদ, বিভাগীয় কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য তথা স্থানীয় বিধায়ক ডাঃ নোমল ম’মিনক চৰকাৰী আঁচনি সমূহৰ কিছু অংশ ঘৰিয়ালডুবিৰ নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবেও অঞ্চলটোত ৰূপায়ন কৰিবলৈ অনুৰোধ জনাইছে ঘৰিয়ালডুবিৰ স্থানীয় ৰাইজে।
উল্লেখ্য যে এক বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিলাওজানত ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ অধীনত এখন আঁচনি ৰূপায়নৰ বাবে বিভাগীয় প্ৰস্তুতি অব্যাহত আছে বুলি জানিব পৰা গৈছে। ঘৰিয়ালডুবিৰ নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা কোন দিশে সেয়া এতিয়া ভবিষ্যত সময়েহে নিৰ্দ্ধাৰণ কৰিব।