নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমুঠি ‘ছানা’ই কাল হ’ল এজন যুৱকৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ এমুঠি ছানা কিনিবলৈ গৈ বিপদ মাতি আনিলে এজন যুবকে। ছানাৰ বাবেই কাজিয়া লিপ্ত হ’ল এজন যুৱক। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অন্তৰ্গত অৰিয়ানতলীত সংঘটিত হৈছে এই ঘটনা।

উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া এজন যুৱকে সুৰাপান কৰি কাজিয়াত লিপ্ত হয় দুজন যুৱকৰ সৈতে। তাৰপাছতেই যুৱকদুজনক বিচাৰি উত্তেজিত ৰাইজে দা, লাঠি, জোং লৈ আক্ৰমণ কৰে যুগল নাথ নামৰ যুৱকজনৰ বাসগৃহ। তাৰপিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সান্ধ্য আইন জাৰি কৰে।

গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে একাংশ উত্তেজিত লোকে। আক্ৰমণ-প্ৰত্যাক্ৰমণত আহত হৈছে ৩জনকৈ লোক আৰু আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

You might also like