ধেমাজিত ভয়াবহ বান; অৰুণাচলৰ ডাৱৰ বিস্ফোৰণত নিমিষতে উটি গল শ শ পশুধন
নিয়মীয়া বাৰ্তা,৫ জুলাইঃ ধেমাজি জিলাৰ মৰিঢল বৰাজান কছাৰীত ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানে আজি পুৱাৰে পৰা শতাধিক পৰিয়ালক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বহু পৰিয়াল এতিয়াও জলবন্ধী হৈ থকাৰ খৱৰ আহিছে।
বৰ্তমান উদ্ধাৰ হোৱা শতাধিক পৰিয়ালৰ ১৭২ বন্যাৰ্তক লক্ষীপথাৰ হাই স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় প্ৰদান কৰা বুলি জানিব পৰা গৈছে। অনাক্ষাংকিত বানত নাজল-নাথল বন্যাৰ্তক জিলা প্ৰশাসনে সন্ধিয়া পৰ্যন্ত খাদ্য আৰু খোৱা পানীৰ ব্যৱস্থা নকৰাত শিৱিৰত ভোকে-পিয়াহে যমৰ যাতনাৰ সন্মুখীন হ’ৱলগীয়াত পৰিছে।
ইপিনে শিৱিৰত থকা গৰ্ভৱতী মহিলা আৰু অন কন শিশুৰ অৱস্থা আৰু অধিক তথৈবচ। স্থানীয় টি এম পি কেৰ সদস্যই খাদ্য সামগ্ৰীৰ যোগান ধৰিছে। জিলা প্ৰশাসনক শীঘ্ৰে বানসাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
উল্লেখ্য যে অৰুণাচল পশ্চিম ছিয়াং জিলাৰ পাহাৰীয়া এলেকাত হোৱা অতিবৃষ্টিৰ ফলত পুৱতি নিশা হঠাৎ নামি অহা ধলে সমগ্ৰ অঞ্চল বুৰাই পেলায় আৰু নিমিষতে ৰাইজৰ পহু ধন, মূল্যবান সা-সম্পত্তি পানীয়ে উটুৱাই নিয়ে।বানত ৰাইজৰ ঘৰ-বাৰী কৃষি পথাৰ বিস্তৰ ক্ষতি সাধন হৈছে। পূৰ্বে কাহানিও এনে পৰিস্থিতিৰ সন্মুখীন নোহোৱা ৰাইজে কালি নিশা অৰুণাচল প্ৰদেশৰ পশ্চিম ছিয়াং জিলাৰ পাহাৰীয়া এলেকাত ডাৱৰ বিস্ফোৰণৰ আশংকা প্ৰকাশ কৰিছে।