নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় পেনচাক চিলাটত ৮ পদকেৰে উজলিল ধেমাজি

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ জম্মু কাশ্মীৰৰ শ্রীনগৰ ইনড’ৰ ষ্টেডিয়ামত অলপতে অনুষ্ঠিত নৱম ৰাষ্ট্রীয় জুনিয়ৰ আৰু ছাব জুনিয়ৰ পেনচাক চিলাট প্রতিযোগিতাত অসমে মুঠ ১৮টা পদক অর্জনেৰে ৰাজ্যৰ ক্রীড়াক্ষেত্রলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ এই ১৮গৰাকী পদক বিজয়ীৰ ভিতৰত ৮গৰাকীয়েই হ’ল ধেমাজি জিলাৰ অসম–ৰুণাচল সীমান্তৱর্তী গোগামুখ মিংমাঙৰ৷

অঞ্চলটোত নতুনকৈ স্থাপন হোৱা অসম পেনচাক চিলাট সমৰকলা আৱাসিক প্রশিক্ষণ কেন্দ্রৰ পৰা অংশগ্রহণ কৰা ৯গৰাকী প্রতিযোগীৰ ৭গৰাকীয়ে প্রতিযোগিতাখনত পদক অর্জনেৰে উজলি উঠে৷ তেওঁলোক হ’ল জুপিতৰা টায়ুং (৩৩ কেজি শাখাত স্বর্ণ), ভাইটী কুলী (৩৩ কেজি শাখাত স্বর্ণ), দিব্য পাতিৰ (৩৩ কেজিত স্বর্ণ), অনিল পেগু (৩৫ কেজিত স্বর্ণ), চক্রধ্বজ পেগু (৪৭ কেজিত স্বর্ণ), গোপাল দলে (২৮ কেজিত ব্রঞ্জ), আকাশ দলে (৪৪ কেজিত ব্রঞ্জ), অতুল দলে (৫০ কেজিত ৰূপ)৷

উল্লেখ্য যে কোনো উপযুক্ত প্রশিক্ষণৰ সা–সঁজুলি অবিহনে মাত্র এবছৰ প্রশিক্ষণ গ্রহণ কৰি ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত পদক আঁজুৰি আনি অঞ্চলটোৰ খেলুৱৈসকলে প্রতিভাৰ প্রমাণ দিবলৈ সক্ষম হৈছে৷ অসম পেনচেক চিলাট সন্থাৰ সভাপতি পৰমানন্দ ছায়েংগিয়াই খেলুৱৈসকলক গোগামুখ ৰে’লৱে ষ্টেচনত সম্বর্ধনা জ্ঞাপন কৰে৷

ইয়াৰ পিছতে শতাধিক লোকে মটৰচাইকেল সমদলেৰে পদক বিজয়ী খেলুৱৈসকলক মিংমাঙস্থিত পেনচাক চেলাট আৱাসিক প্রশিক্ষণ কেন্দ্রলৈ আদৰি নিয়ে৷

You might also like