নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনাচৰ্তে শিক্ষক পদ প্ৰাদেশীকৰণৰ দাবী উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ ২০১৩ চনৰ পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আজি অকাজানস্থিত দেবেশ্বৰ টায়ে এম ই স্কুলত অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা ২০১৩ চনৰ পৰা পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি ৰত্নেশ্বৰ নৰহৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় সংগঠনটোৰ সাধাৰণ সম্পাদিকা জ্যোৎস্না মিলিয়ে। আজিৰ গুৰুত্বপূৰ্ণ সভাই অসম চৰকাৰৰ শিক্ষা বিভাগে ২০১৩ চনত প্ৰাদেশীকৰণ কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলৰ দৰেই পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক শিক্ষক সকলক বিনাচৰ্তে শিক্ষক পদ প্ৰাদেশীকৰণৰ দাবী জনাইছে। যিহেতু বিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত শিক্ষক সকলেও বিনা বেতনে বিদ্যালয়ত পাঠদান চলাই আহিছে বুলি উল্লেখ কৰি সভাই মত প্ৰকাশ কৰে যে বিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা পাঠদান চলাই অহা বহু শিক্ষকৰ বয়স ইতিমধ্যে উকলি যোৱাৰ উপক্ৰম হৈছে সেয়ে শিক্ষক পদ প্ৰাদেশীকৰণৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশনা অনুযায়ী টেট্ ৰ প্ৰয়োজনতাক ৰেহাই দি বিনাচৰ্তে পূৰ্বৰ ২০১৩ চনত প্ৰাদেশীকৰণ কৰা উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰেই পদ প্ৰাদেশীকৰণৰ পৰা বঞ্চিত শিক্ষক সকলৰ পদ সমূহ প্ৰাদেশীকৰণ কৰিবলৈ চৰকাৰ আৰু শিক্ষা বিভাগক দাবী জনাইছে।অহা ৩১ আগষ্টৰ ভিতৰত অসমৰ চৰকাৰৰ শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ডিজিটেল ষ্ট্ৰাইকৰ জৰিয়তে বিনাচৰ্তে ২০১৩ চনৰ পৰা বঞ্চিত উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদ প্ৰাদেশীকৰণৰ দাবী জনোৱা, বিনাবেতনে অৱসৰ গ্ৰহণ কৰা আৰু ৰোগাক্ৰান্ত হৈ আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত মৃত্যুক আকোৱালী লোৱা শিক্ষকৰ পৰিয়ালক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আগষ্ট মাহৰ ভিতৰতে একেই দাবীতেই অসমৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ সভাই।

You might also like