নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি 

 নিয়মীয়া বাৰ্তা  ,৬ ফেব্ৰুৱাৰীঃ   অসমৰ অতি পুৰণি শিক্ষানুষ্ঠান বিলাকৰ ভিতৰত অন্যতম ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়।মাজুলীৰ উজনি অংশকে কেন্দ্ৰ কৰি উত্তৰ অসমৰ উজনি অংশত বৃটিছৰ আমোলৰ পৰা শিক্ষাৰ জেউতি বিলোৱা ১৮৭২ চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনে ২০২২ চনত গৌৰৱোজ্জ্বল ডেৰশ বছৰত ভৰি দিব।এই বছৰটো স্মৰণীয় কৰাৰ প্ৰয়াসেৰে ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰ‌স্ত্ততি আৰম্ভ হৈছে।এই ডেৰশ বছৰীয়া জয়ন্তী অনুষ্ঠানটো উদযাপনৰ লক্ষ‍্যৰে আজি শিক্ষানুষ্ঠান খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা প্ৰস্তুতি সমিতিৰ আহ্বায়কৰ আহ্বানত আয়োজিত সভাখনত পৌৰোহিত‍্য কৰে হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ টংক ৰাজখোৱাই।আহ্বায়ক জীৱন গগৈয়ে উদ্দেশ্য ব‍্যাখ‍্যা কৰা সভাখনত ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগতে বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

সভাই আলোচনা মৰ্মে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি সংশ্লিষ্ট উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগত যোগাযোগৰ সিদ্ধান্ত গ্ৰহণ কৰে।সেইসমূহৰ ভিতৰত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ডেৰশ বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ আৰু অক্টোবৰ- নৱেম্বৰ মাহত মূল অনুষ্ঠান ৰূপায়ণ কৰা, ব্যৱহাৰৰ বাবে অনুপযুক্ত হৈ পৰা পুৰণি ভৱনটি ভাঙি নতুন ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা, প্ৰাক্তন শিক্ষক-ছাত্ৰ সন্মিলন গঠন কৰা, শিক্ষানুষ্ঠান খনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকজনক স্থায়ী প্ৰধান শিক্ষক হিচাপে মকৰল কৰাৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ অন‍্যতম।সভাই আন এক প্ৰস্তাৱ যোগে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ পূৰ্ণানন্দ গগৈক সভাপতি, ডিম্বেশ্বৰ চাংমাই আৰু পৃথু বৰাক উপসভাপতি ,লিপিকা ফুকন আৰু হেমন্ত বৰুৱাক সহকাৰী সম্পাদকৰ দায়িত্ব দি এখন পুৰ্ণাংগ প্ৰস্তুতি সমিতি গঠন কৰি যাৱতীয় কাম কাজ আগোৱাই নিয়াৰ লগতে প্ৰস্তুতি সমিতিৰ জৰিয়তে উদযাপন সমিতি গঠনৰো দায়িত্ব অৰ্পণ কৰে ৷

You might also like