নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ খেৰকটা সমবায় সমিতিৰ নিৰ্বাচনক লৈ ক্ষুব্ধ অংশীদাৰ

  • মৃত ব্যক্তিকো ভোটাৰ সজাই নিৰ্বাচন অনুষ্ঠিত কৰাৰ তৎপৰতা

নিয়মীয়া বাৰ্তা,  ১৫মাৰ্চ :ঢকুৱাখনা মহকুমা সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তর্গত খেৰকটা সমবায় সমিতিৰ  ২০২২-২৩- ২০২৭- ২৮ বর্ষৰ সঞ্চালক মণ্ডলী গঠনৰ বাবে হবলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ  একাংশ অংশীদাৰৰ মাজত তীব্ৰ ক্ষোভ আৰু  অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়াত বৰ্তমানৰ সমবায় পৰিচালনা সমিতিখনে চুড়ান্ত মইমতালি আৰু নিৰ্বাচনী বিধি অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ উত্তাপিত হৈছে।অসম সমবায় নিৰ্বাচন বিধি ২০১৯ক অৱমাননা কৰি খেৰকটা সমবায় সমিতি লিমিটেডৰ অংশীদাৰ ভোটাৰ তালিকাখন সংশোধন নকৰাকৈয়ে নিজ খেয়ালখুচিৰে সমবায় সমিতিখনৰ সাধাৰণ নিৰ্বাচনৰ  মনোনয়ন পত্ৰ গ্ৰহণ আৰু মৃত ব্যক্তি,অযোগ্য অংশীদাৰক লৈ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ দৰে অসংবিধানিক কাৰ্য্যকলাপৰ ৰাজহুৱা অভিযোগ তুলি গুৱাহাটীৰ খানাপাৰাস্থিত সমবায় সমিতিসমূহৰ পঞ্জীয়ক আৰু ঢকুৱাখনাৰ মহকুমাধিপতি আৰু সহকাৰী পঞ্জীয়কৰ কাৰ্য্যালয়ত আজি লিখিত অভিযোগ দাখিল কৰিছে একাংশ অংশীদাৰীয়ে।উত্থাপিত অভিযোগ মতে ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাত ২০৯গৰাকীকৈ মৃত ব্যক্তিৰ নাম সন্নিবিষ্ট কৰা,১৯জনকৈ অংশীদাৰীক দুটা ক্ৰমিক নম্বৰত সন্নিবিষ্ট কৰা,একে পৰিয়ালৰ ৪-৫ গৰাকীকৈ ভোটাৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে ৫বছৰে অংশীদাৰ ভোটাৰ তালিকাখন সংশোধন নকৰা  আদি অনিয়ম সংঘটিত  হৈছে।অসম সমবায় নিৰ্বাচন বিধি ২০১৯ উলংঘা কৰি চুড়ান্ত মইমতালি আৰু ক্ৰুটিপূৰ্ণ ভোটাৰ তালিকাৰে অগণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰিব লোৱা খেৰকটা সমবায় সমিতি লিমিটেডৰ ২০২২-২৩ – ২০২৭-২৮ বর্ষৰ সমিতি নিৰ্বাচন প্ৰক্ৰিয়াক স্থগিত ৰখাৰ দাবী জনাইছে অংশীদাৰী সকলে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like