নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ বিতৰ্কিত ব্যৱসায়ী সঞ্জীৱ দাসক ডিগবৈত গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৩ জুনঃ অৱশেষত ডিগবৈৰ আৰক্ষীৰ জালত পৰিল ধেমাজিৰ বিতৰ্কিত ব্যৱসায়ী সঞ্জীৱ দাস৷ অসম-অৰুনাচল সীমান্ততৰ জোনাইৰ লগতে অৰুণাচলৰ আৰু অসমত বছৰ বছৰ ধৰি চোৰাং কাঠৰ লগতে বিভিন্ন অবৈধ ৰমৰমীয়া ব্যৱসায় চলাই অহা জোনাইৰ বিতৰ্কিত কাঠ ব্যৱসায়ী সঞ্জীৱ দাসক সোমবাৰে নিশা ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গাড়ী চোৰৰ অপৰাধত সঞ্জীৱ দাসক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ডিগবৈ আৰক্ষী থানাত কিছুদিন পূৰ্বে পঞ্জীয়ন হোৱা এখন স্কৰপিঅ’ গাড়ী চুৰি ঘটনাৰে জড়িত থকা অভিযোগত বিতৰ্কিত ব্যৱসায়ী দাসৰ লগতে জোনাইৰ ইলিয়াছ আলী নামৰ আন এজন লোককো ডিগবৈ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে৷

চুৰি হোৱা স্কৰপিঅ’ গাড়ীখনৰ তদন্ত কৰি আৰক্ষীয়ে জি, পি, আৰ, এছৰ সহায়ত গাড়ীখনৰ অৱস্থিতি চিলাপথাৰ, জোনাই আৰু সীমান্তৱৰ্তী অৰুণাচলৰ ওচৰে-পাজৰে থকাতো নিশ্চিত হয়। ইয়াৰ পিছতে কালি নিশাই ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ আৰক্ষীয়ে অভিযান চলাই সোমবাৰে নিশা বগীবিল দলংৰ সমীপৰ পৰা ব্যৱসায়ী সঞ্জীৱ দাস আৰু ইলিয়াছ আলিক এ, আৰ-০৯-চি-৬০০০ নম্বৰৰ গাড়ীৰ সৈতে আটক কৰিবলৈ সক্ষম হয়৷ পিছত বৰবৰুৱা আৰক্ষীয়ে দুয়োজনকে ডিগবৈ আৰক্ষীক গতাই দিয়ে৷

ইফালে ডিগবৈ সদৰ আৰক্ষীয়ে আজি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮০ ধাৰাত ১২৮/২০২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি দুয়োজনৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, যোৱা ১৮ জুনত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাতে হাতে-লুটে গ্ৰেপ্তাৰ কৰা জোনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলামৰ হাতত উৎকোচ হিচাপে নগদ ৫৫ হাজাৰ টকা তুলি দি চৰ্চিত হৈছিল বিৰ্তকিত কাঠ ব্যৱসায়ী সঞ্জীৱ দাস৷ সঞ্জীৱ দাসে দুৰ্নীতি নিবাৰক শাখাত দিয়া অভিযোগৰ ভিত্তিত জোনাই ৰেঞ্জাৰ গ্ৰেপ্তাৰ হব লগা হৈছিল ৷ বহু অসাধু বন বিষয়া, আৰক্ষী বিষয়া তথা ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ বুলি পৰিচিত সঞ্জীৱ দাসৰ বিৰুদ্ধে আছে একাধিক চোৰাং কাঠ সৰবৰাহৰ গোচৰ৷ চোৰাং কাঠ সৰবৰাহৰ লগতে শেহতীয়াকৈ গাড়ী চুৰি গোচৰত সঞ্জীৱ দাস এনেদৰে গ্ৰেপ্তাৰ হ’ব লগা হোৱা ঘটনাই ধেমাজিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

You might also like