ধুবুৰীত অগ্নিপথ আঁচনিৰ বিৰোধিতাত সংবাদমেল, প্ৰতিবাদ যুৱ কংগ্ৰেছীৰ
নিয়মীয়া বাৰ্তা, ২৯ জুন: ভাৰত চৰকাৰৰ অভিলাষী অগ্নিপথ যোঁজনাই দেশৰ যুৱপ্ৰজন্মৰ ভৱিষ্যৎ ধ্বংস কৰাৰ অভিযোগকে ধৰি দেশৰ নিৰাপত্তালৈ সংশয় সৃষ্টি কৰিব বুলি অভিযোগ তুলি আজি ধুবুৰীত সৰৱ হৈ উঠে ধুবুৰী জিলা যুৱ কংগ্ৰেছে। আজি দুপৰীয়াৰ ভাগত ধুবুৰীস্থ ৰাজীৱ ভৱনত আয়েজিত এক সংবাদমেলত জিলাখনৰ যুৱ কংগ্ৰেছ সভাপতি আলতাফ হুছেইন মণ্ডলে অগ্নিপথ আঁচনিখন অতি শীঘ্ৰে বাতিল কৰাৰ দাৱী জনায়। সংবাদমেলখনৰ অন্তত হাতে হাতে বিভিন্ন প্ৰতিবাদী প্লেকাৰ্ড লৈ ধুবুৰীৰ ৰাজীৱ ভৱনৰ সমীপৰ ৰাজপথত অগ্নিপথ আঁচনিখন ৰদ কৰাৰ দাৱীত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়িত কৰে যুৱ কংগ্ৰেছীসকল।