নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত প্রথমগৰাকী ক’ভিড ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ  ধুবুৰী অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱার্ডত চিকিৎসাধীন অৱস্থাত প্রথমগৰাকী ক’ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয়৷ প্রায় ৮৫ বছৰ বয়সীয়া মহেন্দ্র ৰায় নামৰ লোকজনৰ ঘৰ ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তর্গত দুমৰদহ তৃতীয় খণ্ড গাঁৱত৷ কালি অসুস্থতাৰ বাবে চিকিৎসালয়খনলৈ অহা ৰায়ৰ ৰেপিড এণ্টিজেন টেষ্টত পজিটিভ ধৰা পৰাৰ লগে লগে ক’ভিড ৱার্ডত ভর্তি কৰোৱা হয়৷ দুর্ভাগ্যজনকভাৱে ব্যক্তিগৰাকীয়ে  চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷ পিছত দণ্ডাধীশৰ উপস্থিতিত দুমৰদহৰ শ্মশানত ক’ভিড প্রট’কল অনুসৰি সৎকাৰ কৰা হয়৷

You might also like