নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অস্বাভাৱিকভাৱে লুইতৰ জলস্তৰ হ্ৰাস

স্তব্ধপ্ৰায় ধুবুৰীৰ জলপথেদি বাংলাদেশৰ সৈতে চলা আন্তৰাষ্ট্ৰীয় বাণিজ্য

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰী : ধুবুৰীৰে জলপথেদি বাংলাদেশৰ সৈতে চলা আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য হৈ পৰিছে স্তব্ধপ্ৰায়। বৰলুইতৰ পানীৰ স্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাৰ বাবে বিগত প্ৰায় এমাহৰ পৰা ধুবুৰীৰ পঞ্চুঘাটস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ জাহাজ ঘাটতেই আৱদ্ধ হৈ আছে বাংলাদেশৰ পৰা অহা পঞ্চাশৰো অধিক মালৱাহী জলযান।

ধুবুৰীৰ জাহাজঘাটৰ পৰা পাথৰ ল’বলৈ আহি এতিয়া বিপাঙত পৰিছে বাংলাদেশৰ সেই মালবাহী জলযানবোৰৰ কৰ্মচাৰীসকল। প্ৰায় দুশৰো অধিক বাংলাদেশৰ কৰ্মচাৰীসকলৰ কাতৰ প্ৰাৰ্থনা- তেওঁলোকক শীঘ্ৰে বাংলাদেশলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰক।

পিছে পূৰ্ণ গতিত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ড্ৰেজাৰেৰে খনন চলি থকাৰ সময়তেই নৈখনৰ বুকু বাম হৈ পৰা বাবে বৰ্তমানে ধুবুৰীৰ পৰা জলপথেদি বাংলাদেশৰে আমদানি–ৰপ্তানি স্তব্ধ হৈ পৰাটো এক চিন্তনীয় বিষয় বুলিয়েই বিৱেচিত হোৱাৰ সমান্তৰালকৈ চৰকাৰেও হেৰুৱাব ল’গা হৈ আছে ৰপ্তানি শুল্ক।

উল্লেখ্য যে ধুবুৰী তথা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্তৰ সূচনা কৰি ২০১৯ চনৰ ১২ জুলাইৰ পৰা ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ নৱনিৰ্মিত এই নদী বন্দৰটোৰে আৰম্ভ হৈছিল নদীপথেৰে বাংলাদেশৰে আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য। সিদিনা ধুবুৰীৰ পৰা ১০০০.৫ মেট্ৰিক টন পাথৰ লৈ যাত্ৰা কৰিছিল এখন ভাৰতীয় মালবাহী জাহাজে।

প্ৰেৰক : অমিতাভ  চক্ৰৱৰ্তী

You might also like