নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত ধুবুৰীৰ বজাৰত শাক–পাচলি, ফলমূলৰ দাম বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ দীৰ্ঘ বহু বছৰৰ পৰাই যিকোনো উৎসৱ, পূজা–পাৰ্বণ আদি আহিলেই ধুবুৰীৰ বজাৰত শাক–পাচলি, সব্জিৰ দাম উৰ্ধগামী হোৱাটো যেন এক স্বাভাৱিক নিয়মত পৰিণত হৈ পৰিছে। আজি লক্ষ্মী পূজাৰ দিনটোত পূৰ্বৰ সেই ধাৰা অব্যাহত ৰাখি দেখা গ’ল এনিশাতে বহু কেইপদ শাক–পাচলি, সব্জিৰ দাম কেজি প্ৰতি ১০/২০ টকাকৈ বৃদ্ধি পোৱা। ফলত স্বাভাৱিক ভাবেই পূজাৰ বজাৰ–সমাৰ কৰিবলৈ অহা বহু গ্ৰাহকৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও দেখা যায়। আজি পুৱা চহৰখনৰ নিউ মাৰ্কেটস্থিত সব্জি বজাৰত মূলাৰ দাম কেজি প্ৰতি ১২০ টকা স্পৰ্শ কৰাৰ সমান্তৰালকৈ বিলাহীৰো অনুৰূপ দাম হোৱা পোৱা যায়। বেঙেনা কেজি প্ৰতি ৬০ টকা, জিকা ৬০ টকা কেজি, ফুলকবি ১২০ টকা, বন্ধা কবি কেজিত ৬০ টকা, চিম কেজি প্ৰতি ১২০ টকা, ক’লডিল এটা (আকাৰ–ভেদে) ৪০ৰ ৬০ টকা হোৱাৰ বিপৰীতে দুদিন পূৰ্বেও ১০ টকাত পোৱা মিঠা লাওঁৰ ফালি এটা আজি ২০ টকালৈ বৃদ্ধি পোৱা দেখা যায়। আনহাতে এদিন পূৰ্বে কেজি প্ৰতি ২৫ টকাত পোৱা পিঁয়াজৰো দাম ৫টকা বৃদ্ধি পাই আজি কেজি প্ৰতি ৩০ টকা হয়গৈ। শাক–পাচলিৰ অনুৰূপে ধুবুৰীৰ বজাৰত আজি ফল–মূলৰো দামো সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে সাধাৰণতে কেজি প্ৰতি ৫০ টকাত বিক্ৰি হোৱা মালভোগ কলৰ দাম আজি কেজিত ৭০ টকাকৈ বিক্ৰি কৰি থকা দেখা যায়। ফলত স্বাভাৱিক ভাৱেই দুই–তিনি দিনতে এইদৰে শাক–পাচলি, সব্জি, ফলমূলৰ দাম অকষ্মাতে বৃদ্ধি পোৱাৰ কাৰণ কি বুলি এক প্ৰশ্নৰ অৱতাৰণা হোৱাৰ ল’গতে বিষয়টো সন্দৰ্ভে আজিলৈ স্থানীয় যোগান বিভাগ আৰু প্ৰশাসনে কি পদক্ষেপ লৈছে সেয়ালৈও উত্থাপিত হৈছে প্ৰশ্নৰ।

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী  

You might also like