“নিয়মীয়া বাৰ্তা”ৰ বাতৰিৰ প্ৰভাৱ: আৰক্ষীকৰ হেঁচাত বন্ধ হ’ল ধুবুৰীৰ একাংশ ক্লাৱত চলি থকা তাচৰ জুৱা
- চহৰখনত এতিয়াও অব্যাহত অবৈধ তীৰৰ জুৱা – বিষয়টোলৈ আৰক্ষীৰ ভূমিকাক প্ৰশ্নচিহ্ন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: অৱশেষত সাময়িক ভাবে হ’লেও বন্ধ হ’ল ধুবুৰী চহৰৰ একাংশ ক্লাৱত চলি থকা তাচৰ জুৱাৰ আড্ডা। “নিয়মীয়া বাৰ্তা”ত শাসকীয় দলৰ স্থানীয় নেতা-পালিনেতা জড়িত থকা ধুবুৰীৰ একাংশ ক্লাৱত তাচৰ জুৱাৰ আড্ডা চলি থকাৰ বাতৰিটো প্ৰকাশিত হোৱাৰ পিছত বিষয়টোলৈ তৎপৰ হৈ পৰা দেখা গ’ল ধুবুৰী আৰক্ষী। ভিতৰুৱা এক সূত্ৰই জনোৱা অনুসৰি, বাতৰিটো প্ৰকাশ হোৱাৰ পিছত আৰক্ষীৰ এটি দলে জুৱাৰ আড্ডা বহা ধুবুৰীৰ সেই ক্লাৱকেইটাত উপস্থিত হৈ জুৱা খেল বন্ধ কৰাৰ হেঁচা প্ৰয়োগ কৰে আৰু তাৰ পিছৰে সেই ক্লাৱকেইটাত বন্ধ হয় জুৱাৰ আড্ডা। ইপিনে ধুবুৰীৰ সচেতন মহলে আৰক্ষীৰ এই পদক্ষেপক লৈ উৎফুল্ল হৈ পৰিছে যদিও স্থানীয় জুৱাৰী চক্ৰটোৱে পুনৰায় জুৱাৰ আড্ডাসমূহ খুলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অহা ১১ মাৰ্চৰ দিনা ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ যুৱমৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত মুখ্য অতিথিৰূপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সেই সূত্ৰটোৱে সদৰি কৰা মতে, মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সেই কাৰ্য্যসূচীৰ পিছত ধুবুৰী চহৰত পুনৰ জুৱাৰ আড্ডাবোৰ আৰম্ভ কৰিব পাৰিব বুলিস স্থানীয় জুৱাৰীসকল আশাবাদী হৈ আছে। ইপিনে ধুবুৰী চহৰৰ একাংশ ক্লাৱত চলি থকা তাচৰ জুৱাৰ আড্ডা কেইটা বন্ধ কৰাৰ বাবে ধুবুৰী আৰক্ষীয়ে তৎপৰ দেখুৱালেও চহৰখনত আজিও অবৈধ তীৰ নামৰ জুৱাবিধ চলি থকা বুলি স্থানীয় ভূৰখামহলবোৰত বুবা চলিছে। এনে প্ৰেক্ষাপটত স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ অবৈধ তীৰকে ধৰি বিভিন্ন ধৰণৰ জুৱাবিৰোধী কঠোৰ স্থিতিৰ পিছতো ধুবুৰী চহৰত বৰ্তমানে সক্ৰিয় হৈ থকা তীৰৰ স্বয়ম্ভূ মালিক আৰু বুকী অৰ্থ্যাৎ তীৰৰ টিকট বিক্ৰেতাসকলৰ এজনকো কৰায়ত্ত কৰিব নোৱাৰাৰ কাৰণ কি বুলিও কিন্ত জনমানসত ধুবুৰীৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নচিহ্নৰ উদয় হোৱাও পোৱা গৈছে। এনে প্ৰেক্ষাপটত, চহৰখনত চলি থকা বিভিন্ন জুৱাৰ বিৰূদ্ধে কঠোৰ স্থিতি লোৱাৰ বাবে অসম আৰক্ষীৰ শীৰ্ষ মহলে ধুবুৰী আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াটো কামনা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ বহুতেই।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী