ধুবুৰীত স্বেচ্ছাসেৱী সংগঠন “জাগৰণী”ৰ উদ্যোগত মহিলা ফুটবল প্ৰতিযোগিতা
- ক’লকাতা বনাম কোকৰাঝাৰ ৬-০ গোলত পৰাভূত কোকৰাঝাৰৰ মহিলা ফুটবল দল
আজি ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ক’লকাতা আৰু কোকৰাঝাৰৰ দুটি দলৰ মাজত মহিলা ফুটবল প্ৰতিযোগিতা এখন অনুষ্ঠিত হয়। “জাগৰণী” নামৰ স্থানীয় এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ৫০ টকা প্ৰৱেশমূল্যৰ সেই ফুটবল প্ৰতিযোগিতাখনত ক’লকাতাৰ মহিলা ফুটবল দলটো ৬-০ গোলত বিজয় লাভ কৰে। ইয়াতে উল্লেখ্য যে, আজিৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা “নেচনেল এলিজিবিলিটি টেষ্ট কাম এনট্ৰেনচ টেষ্ট” চমুকৈ NEET পৰীক্ষাৰ এটা পৰীক্ষা কেন্দ্ৰ আছিল আজিৰ সেই ফুটবল খেলখন অনুষ্ঠিত হোৱা খেলপথাৰখনৰ এফালৰ ৰাজপথৰ সিফালে থকা ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খনত। ফলত স্বাভাৱিক ভাৱেই এটা গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কেন্দ্ৰ ৰূপে থকা সেই বিদ্যালয়ৰ কাষৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত আজিৰ NEET পৰীক্ষাৰ দিনটোতেই ফুটবল প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে কিদৰে অনুমতি দিলে সেই প্ৰশ্নও উচ্চাৰিত কৰা পোৱা গৈছে সচেতন বহুতেই।
জানিব পৰা মতে, বিদ্যালয়খনত NEET পৰীক্ষা কেন্দ্ৰ থকাৰ পৰিপ্ৰেক্ষিতত আজিৰ সেই ফুটবল প্ৰতিযোগিতাখনৰ সূচী সলনি কৰাৰ অনুৰোধ জনাই যোৱাকালি ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অধ্যক্ষাও ধুবুৰীৰ জিলা উপায়ুক্তক এক পত্ৰ প্ৰদান কৰিছিল। অৱশ্য বিদ্যালয়খনত NEET পৰীক্ষা অনুষ্ঠিত হৈ থকা লৈ চাই পূৰ্বনিৰ্ধাৰিত দুপৰীয়া ২-৩০ বজাৰ ঠাইত কিছু পলমকৈ ৪-৩০টা মান বজাত প্ৰতিযোগিতাখন আৰম্ভ কৰা হয়। কিন্তু উল্লেখনীয় এয়াও যে, আজি দেশজুৰি অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ সময়সূচী আছিল দুপৰীয়া ২ বজাৰ পৰা বিয়লি ৫-২০ বজালৈ। প্ৰাপ্ত তথ্য মতে, ধুবুৰীৰ সেই পৰীক্ষা কেন্দ্ৰটোৰ সৰ্বমুঠ ১৬৮ গৰাকী পৰীক্ষাৰ্থীৰ ১৬৫ গৰাকী পৰীক্ষাৰ্থীয়ে আজিৰ NEET পৰীক্ষাত অৱতীৰ্ণ হৈছে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,