নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাজপথ কণ্ঠৰে মহীয়ান কৰি কাতুদা গললৈ অজান দেশলৈ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ ধুবুৰী চহৰৰ সকলোৰে পৰিচিত তথা জনপ্ৰিয় ‘স্ট্ৰীট ঘোষক কাতুদা আৰু নাই। আজি বিয়লি কাতুদা ওৰফে কাৰ্তিক পালৰ ৭০ বছৰ বয়সত মৃত্যু হয়। দেহৰ এখন ভৰি অইনখনতকৈ সামান্য সৰু বাবে ধুবুৰীকে ধৰি কাষৰীয়া বিভিন্ন অঞ্চলত আয়োজিত বিভিন্ন অনুষ্ঠান, সভা–সমিতি আদিৰ বিষয়ে মাইকযোগে ঘোষণ কৰি ৰাইজক অৱগত কৰাৰ দৰে এটা ব্যতিক্ৰমী পেছাৰে স্বনিয়োজনৰ পথ মুকলি কৰিছিল তেওঁ। ধুবুৰী চহৰৰ সেনপাৰাৰ বাসিন্দা তথা ধুবুৰীৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত ‘কাতুদা’ বুলি পৰিচিত পাল আছিল চিৰ কুমাৰ। সৰ্বসাধাৰণ ৰাইজকে ধৰি বিভিন্ন আয়োজক গোষ্ঠীৰো প্ৰথম পচন্দ আছিল তেওঁ।প্ৰায় চাৰি দশক ধৰি এইদৰে স্ট্ৰীট ঘোষকৰ পেচাৰে বহুল জনপ্ৰিয়তাও অৰ্জন কৰিছিল পালে। নিজস্ব এক স্বকীয় ভংগীমা আৰু বিভিন্ন আমোদায়ক শব্দ প্ৰয়োগেৰে কৰা তেখেতৰ ‘ঘোষণা’ৰ আছিল বেলেগ এক মাদকতা। কিন্তু আজিৰ পৰা ধুবুৰীৰ ৰাজপথত আৰু কেতিয়াও শুনা নাযাব কাতুদাৰ সেই বিশেষ কণ্ঠ; কেৱল এক স্মৃতিৰূপে থাকি যাব তেওঁ ৰাইজৰ মনত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like