নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰ কাউন্সিলৰ হীৰক জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ আমাৰ গণতন্ত্রৰ চাৰিটা স্তম্ভৰ ভিতৰত আইনৰ শাসন বজাই ৰখা আৰু ক্ষমতাৰ সূক্ষ্ম ভাৰসাম্য বজাই ৰখাত ন্যায়পালিকাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ যাৰ বাবে দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ, স্বাধীনতা অটুট থকাটো নিশ্চিত হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ দেশৰ ন্যায়িক ব্যৱস্থাৰ দীঘলীয়া ইতিহাসৰ ওপৰত বক্তব্য আগবঢ়াই এই মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্রী ড০ শর্মাই কয়– ন্যায়পালিকাই কেৱল ন্যায় প্রদানৰ ক্ষেত্রত নিজৰ ক্ষমতা সীমাবদ্ধ কৰা নাই৷ সমান্তৰালভাৱে নাগৰিকসকলৰ অধিকাৰ প্রদানতো অনুঘটক হৈ কাম কৰিছে৷ উল্লেখ্য যে গুৱাহাটীৰ প্রাগজ্যোতি আই টি এত আয়োজিত অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উদ্যাপন অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয়– বেদ, উপনিষদ আৰু অন্যান্য ধর্মীয় গ্রন্থৰ পৰা উদ্ভৱ হোৱা আইন আমাৰ দেশত ন্যায় ব্যৱস্থাৰ এখন উর্বৰ ক্ষেত্র আছিল৷ আমাৰ দেশৰ ন্যায়পালিকাই গণতন্ত্রক এক সুদৃঢ় ভেটি দিছে৷ দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষক হিচাপে ন্যায়পালিকাই সদায়েই আইনৰ শাসন ৰক্ষা কৰাত গণতন্ত্রৰ চাৰিটা স্তম্ভৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত মূল ভূমিকা পালন কৰি আহিছে৷ ৬০ বছৰৰ গৌৰৱময় ইতিহাস সফলতাৰে সম্পূর্ণ কৰাৰ বাবে বাৰ কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰি তেওঁ নিজ ভাষণত পুনৰ কয়– দেশত আইনৰ পৰম্পৰা ৰক্ষা কৰাটো যথেষ্ট গুৰুত্বপূর্ণ৷ কোনো সন্দেহ নাই যে আধুনিক ভাৰতীয় ন্যায়পালিকা আংশিকভাৱে ব্রিটিছৰাজ আইন ব্যৱস্থাৰ ধাৰাবাহিকতা৷ অৱশ্যে এই কথাও সত্য যে অনাদিকালৰে পৰা আমাৰ দেশত ন্যায় প্রশাসনৰ এক সুবিকশিত ব্যৱস্থা আছিল৷ প্রাচীন ভাৰতীয় আইন ধর্ম বা ন্যায়–নীতিৰ ওপৰত আধাৰিত আছিল, যিয়ে প্রাকৃতিক ন্যায়–নীতিৰ বিষয়ে কথা পাতিছিল৷ সেই ন্যায় অথবা নীতি আমাৰ বর্তমানৰ ন্যায়িক ব্যৱস্থাটোক শাসন কৰি আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই দেশৰ আইনী আৰু সাংবিধানিক পৰিকাঠামো শক্তিশালী কৰাৰ বাবে ভাৰতীয় ন্যায়পালিকাক প্রশংসা কৰি কয়– ন্যায়পালিকাৰ দ্বাৰা গৃহীত অসংখ্য যুগান্তকাৰী ৰায়ৰ দ্বাৰা আমাৰ গণতন্ত্র শক্তিশালী হৈছে৷ আমাৰ দেশৰ ন্যায়পালিকাৰ এক দীঘলীয়া ইতিহাস আছে৷ কেন্দ্র আৰু ৰাষ্ট্রৰ মাজত, ৰাষ্ট্র আৰু নাগৰিকৰ মাজত আৰু ৰাজ্যসমূহৰ মাজত হোৱা বিবাদ নিষ্পত্তিৰ ক্ষেত্রত আমাৰ দেশৰ ন্যায়পালিকাই মানৱ অধিকাৰৰ প্রকৃত ৰক্ষক, সংবিধানৰ ৰক্ষক আৰু আমাৰ যুগ যুগ ধৰি চলি অহা গণতান্ত্রিক নীতিৰ গতিশীলতাৰ দিশতো নিজৰ দায়িত্ব পালন কৰিছে৷ তেওঁ ইয়াকো কয়– আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাই আমাক সভ্যতাৰ বিভিন্ন যুগৰ স্বাক্ষৰ বহন কৰে৷ যি বিশ্বৰ আটাইতকৈ পুৰণি সভ্যতাৰ ভিতৰত অন্যতম৷ ধর্মীয় নির্দেশনা আৰু দার্শনিক বত্তৃণতাৰ ক্ষেত্রত আমাৰ দেশৰ আইনৰ এক গৌৰৱময় ইতিহাস আছে৷ অনাদিকালৰে পৰা আমাৰ দেশত ন্যায় প্রশাসনৰ এক সুবিকশিত ব্যৱস্থা আছে৷ প্রাচীন ভাৰতীয় আইন ধর্মৰ বা ন্যায়ৰ ওপৰত আধাৰিত আছিল৷ বছৰ বছৰ ধৰি আমাৰ ন্যায়পালিকাই কেৱল আইনী ব্যৱস্থাটোৰ বংশবৃক্ষ সৃষ্টি কৰাই নহয়, ইয়াৰ উচ্চমান আৰু উচ্চতম আদর্শৰ বাবে বিশ্বজুৰি সুখ্যাতি লাভ কৰিছে৷ আমাৰ আদালতে দিয়া বহুতো উল্লেখনীয় ৰায়দানে আমাৰ আইনী আৰু সাংবিধানিক পৰিকাঠামো শক্তিশালী কৰি তুলিছে৷ ন্যায়াধীশ আৰু অধিবক্তাসকলৰ বৌদ্ধিক জ্ঞান আৰু আইনী বুদ্ধিমত্তাই আমাৰ ন্যায়পালিকাক এক বিৰল বৌদ্ধিক গভীৰতা, সজীৱতা প্রদান কৰি তুলিছে৷ তেওঁ নতুন প্রজন্মৰ অধিবক্তাসকলক দেশৰ আইনী ব্যৱস্থাক অধিক জনমুখী কৰি তুলিবলৈ চিন্তা আৰু প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই বাৰ কাউন্সিলৰ হীৰক জয়ন্তী বর্ষৰ সময়ছোৱাত নিজৰ সংগঠন শক্তিশালী কৰাৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি অধিবক্তাসকলৰ বাবে অৰিয়েণ্টেচন কার্যসূচী আৰু ইয়াৰ সকলো ৰেকর্ড ডিজিটেলাইজড কৰাৰ পদক্ষেপৰ বাবে প্রশংসা কৰে৷ ভাষণ প্রসংগত তেওঁ ৰাজ্যৰ ন্যায় প্রদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে নিম্ন আদালতত ১০০টা পদৰ সৃষ্টি কৰিব বুলি আজি উল্লেখ কৰে৷ তেওঁ কয় যে কেন্দ্রীয় চৰকাৰে সমগ্র দেশৰ ন্যায় ব্যৱস্থাটোৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে ৯ হাজাৰ কোটি টকাৰ অনুমোদন জনাইছে৷ অসমে ইয়াৰ পৰা ৩০০ কোটি টকা লাভ কৰিব৷ ৰাজ্য চৰকাৰেও এইক্ষেত্রত ৩০০ কোটি টকা প্রদান কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত এইবুলি ঘোষণা কৰে যে ওকালতিৰ পৰা অৱসৰ গ্রহণ কৰাৰ পাছত অধিবক্তাসকলক সামাজিক সুৰক্ষা প্রদানৰ বাবে ৰাজ্য চৰকাৰে আঁচনি গ্রহণৰ চিন্তা–চর্চা কৰি আছে৷ আজিৰ হীৰক জয়ন্তী উদ্যাপন অনুষ্ঠানত কেন্দ্রীয় আইন আৰু ন্যায়মন্ত্রী কিৰেণ ৰিজিজুৱে ভাষণ প্রদান কৰি তেওঁ নিজকে অসমীয়া বুলি পৰিচয় দিয়ে৷ ভাষণত তেওঁ কয়– অবিভক্ত অসমত মই জন্মলাভ কৰিছোঁ৷ গতিকে আমি সকলোৱে একেলগে কাম কৰিব লাগিব৷ আমাৰ উদ্দেশ্য আগুৱাই নিব লাগিব৷ ন্যায়পালিকাক অধিক শক্তিশালী কৰাৰ ক্ষেত্রত আমাৰ সকলোৰে দায়িত্ব আছে৷ অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ হূষিকেশ ৰায়, ন্যায়াধীশ সুধাংশু ধুলিয়া, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল কুমাৰ ভূঞা, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, ভাৰতৰ বাৰ কাউন্সিলৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা মানন কুমাৰ মিশ্র, অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্রদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ সভাপতি গজানন্দ চাহেৱালা, উপ–সভাপতি এছ প্রভাকৰণ, বাৰ কাউন্সিলৰ কার্যকৰী সভাপতি অপূর্ব কুমাৰ শর্মাৰ লগতে ন্যায়াধীশ, প্রাক্তন ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা আৰু আইনৰ ছাত্র–ছাত্রী তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ এই অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্রীয়ে উচ্চ ন্যায়ালয়ৰ পুৰণি ব্লকত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংগ্রহালয় উদ্বোধনী অনুষ্ঠানতো অংশ লয়৷

You might also like