নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক মানুহে অন্তর্দৃষ্টিৰ কথা বুজি নাপায়ঃ দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ১১ এপ্রিল: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্রাম মহাবিদ্যালয়ত সোমবাৰে ‘স্বামী বিবেকানন্দ আৰু ঋষি অৰবিন্দৰ চিন্তাৰ আলোকত আদর্শ শিক্ষা আৰু আদর্শ শিক্ষক’ শীর্ষক এটা বত্তৃণতানুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মা৷ ড০ দিগন্ত বিশ্ব শর্মাই ভাষণত কয় যে মই কোনো পণ্ডিত নহয়, মোৰ কোনো পাণ্ডিত্য নাই৷ মই কোনো বিশ্ববিদ্যালয়ত শিক্ষা বিভাগত  নামভর্তি কৰা নাই, মই একাউণ্ট বিভাগৰ৷ তেওঁ কয় যে ঋৃষিসকলে অন্তর্দৃষ্টিৰ পৰা কথা কয়, মনীষীসকলে মস্তিষ্কৰ পৰা কয়৷ সেইবাবে আধুনিক মানুহে অন্তর্দৃষ্টিৰ কথা বুজি নাপায়৷ আধুনিক মানুহৰ বাবে মনীষী প্রিয়৷ ঋৃষিসকল নহয়৷ ঋৃষিসকল সত্যক দর্শন কৰিছিল, কিন্তু আধুনিক মানুহৰ সত্যৰ প্রয়োজন নাই৷ আধুনিক মানুহক মস্তিষ্ক লাগে৷

আনহাতে, দোতমাস্থিত বডোফা ইউ এন মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ দ্বাৰা, মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰূপন কোষৰ ডদ্যোগত আৰু কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্রাংগণত ‘স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দৰ আলোকত আদর্শ শিক্ষা আৰু আদর্শ শিক্ষকৰ ধাৰণা’ৰ ওপৰত এক জনপ্রিয় বত্তৃণতানুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানৰ আঁত ধৰে আহ্বায়ক ড০ শশাংক শেখৰ শর্মাই সমল ব্যক্তি শ্রীৰামকৃষ, স্বামী বিবেকানন্দ আৰু শ্রীৰবিন্দ অনুৰাগী, সাহিত্য একাডেমী অনুবাদ বঁটাপ্রাপক, দিগন্ত বিশ্ব শর্মা আৰু সন্মানিত অতিথি কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ভাৰপ্রাপ্ত অধ্যক্ষা ড০ বনবীণা ব্রহ্মৰ পৰিচয় দাঙি ধৰে৷ সভাখন পৰিচালনা কৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰুণ নাথে৷ সভাত প্রথমে বত্তৃণতা দিয়ে সন্মানীত অতিথি ড০ বনবীণা ব্রহ্মই৷ সমল ব্যক্তি দিগন্ত বিশ্ব শর্মাই তেওঁৰ তত্ত্বগধুৰ আৰু তথ্যভিত্তিক ভাষণৰ জৰিয়তে ভাৰতবর্ষৰ আধাৰস্তম্ভটো সঠিককৈ গঢ়ি তুলিব পাৰিলেহে স্বামী বিবেকানন্দ, ঋষি অৰবিন্দৰ দৰে মহাপুৰুষৰ আবির্ভাৱ ভাৰতবর্ষৰ পুণ্যভূমিত হ’ব বুলি মত পোষণ কৰে৷ ভাৰতবর্ষৰ প্রতিজন শিক্ষকে প্রকৃত ৰূপত শিক্ষিত হ’বলৈ হ’লে নিজকে জানিবলৈ নিৰন্তৰ প্রয়াসত নিমগ্ণ হ’ব লাগে বুলি মত পোষণ কৰে৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা গীতিকা শর্মাই৷

You might also like